বিশ্বত বৃদ্ধি হ'ব প্রবল খৰাং, বৃষ্টিপাত, গ্রীষ্ম প্ৰৱাহ

dainik janambhumi June 03, 2026

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ জুন আৰু আগষ্ট মাহৰ ভিতৰত গোলকীয়ভাৱে এল নিন' পৰিঘটনা ৮০ শতাংশ বিকশিত হৈ বিশ্বত প্রতিকূল বতৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। বিশ্ব বতৰ বিজ্ঞান সংস্থাই (ডব্লিউ এম অ') মঙলবাৰে এই পূর্বানুমান কৰে। ৰাষ্ট্ৰসংঘৰ বতৰ আৰু জলবায়ু সংস্থাটোৱে কয় যে প্রশান্ত মহাসাগৰীয় গ্ৰীষ্ম মণ্ডলত সাগৰীয় পানী অস্বাভাৱিকভাৱে গৰম হোৱাৰ বাবে এল নিন' পৰিঘটনা বিকশিত হৈছে। 

এই পৰিপ্ৰেক্ষিতত গোলকীয় উষ্ণতা আৰু বৃষ্টিপাতৰ প্ৰক্ৰিয়াত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা বৃদ্ধি হৈছে। জেনেভা-ভিত্তিক বিশ্ব বতৰ সংস্থাটোৱে কয় যে জুন-আগষ্ট মাহত এল নিন' বিকশিত হোৱাৰ ৮০ শতাংশ সম্ভাৱনা আছে। উল্লেখযোগ্য যে এল নিন' হৈছে প্রাকৃতিক জলবায়ু পৰিঘটনা, যাৰফলত মধ্য আৰু পূব প্রশান্ত মহাসাগৰীয় জলভাগৰ উষ্ণতা বৃদ্ধি কৰে আৰু বিশ্বজুৰি বতাহ, নিম্নচাপ আৰু বৃষ্টিপাতৰ প্ৰক্ৰিয়াত ব্যাপক পৰিৱৰ্তন সাধন কৰে। 

এই পৰিঘটনা প্রতি সাত বছৰত দুবছৰ সংঘটিত হয় আৰু ন মাহৰ পৰা ১২ মাহ পর্যন্ত থাকে। ডব্লিউ এম অ'ৰ মুৰব্বী চেলেষ্টে চাউলুই কয় যে এই এল নিন' পৰিঘটনাৰ বাবে সমগ্র বিশ্বই সাজু হৈ থাকিব লাগে। এল নিন' পৰিঘটনা বৃদ্ধিৰ বাবে বিশ্বৰ দেশবোৰত প্ৰবল খৰাং, বৃষ্টিপাত, অতিপাত গ্রীষ্ম-প্ৰৱাহৰ দৰে প্রতিকূল বতৰৰ পৰিস্থিতি সৃষ্টি হ'ব আৰু ভূমি আৰু সাগৰীয় জলভাগত উষ্ণত্তা অস্বাভাৱিকভাৱে বৃদ্ধি পাব।

Share This