তিব্বতৰ ৰাজধানী লাছাত আকস্মিক ভ্রমণ ঝি জিনপিঙৰ

dainik janambhumi August 22, 2025

ডিজিটেল ডেস্কঃ বৌদ্ধ ধর্মগুৰু দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত বিতৰ্ক চলি থকাৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে আচম্বিতে তিব্বত ভ্রমণ কৰে। চীনৰ স্বায়ত্তশাসিত অঞ্চল হিচাপে ইয়াৰ ৬০ বছৰ বাৰ্ষিকীৰ উপলক্ষত অঞ্চলটোৰ ওপৰত দেশখনৰ নিয়ন্ত্ৰণৰ বিষয়ক লৈ বেইজিঙৰ দৃঢ়তা প্ৰদৰ্শনৰ বাবেই ৰাষ্ট্ৰপতি জিনপিং তিব্বতত উপস্থিত হৈছে বুলি বিশেষজ্ঞসকলে ব্যক্ত কৰিছে।

 তিব্বত লাছাত প্রায় ২০ হাজাৰ লোকক সম্বোধন কৰি ৰাষ্ট্ৰপতি জিনপিঙে তেওঁৰ ভ্ৰমণৰ ৰাজনৈতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তিব্বতত চীনৰ দখলক লৈ চলি থকা উত্তেজনাৰ বিষয়েও তেওঁ আলোকপাত কৰে। লক্ষণীয়ভাৱে ৰাষ্ট্ৰপতিজনে দালাই লামাৰ নাম উল্লেখ নকৰিলে। 

তিব্বতত সকলো লোকৰে পূজ্য তথা নির্বাসিত ধর্মীয় নেতা দালাই লামাৰ বিষয়ে মন্তব্য নকৰিলেও জিনপিঙে কিন্তু তিব্বতত বৌদ্ধ ধৰ্মৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজন আছে বুলি কয়। ৬০ বছৰীয়া বার্ষিকীত চীনে তিব্বতৰ ওপৰত ইয়াৰ দখল দৃঢ় কৰিবলৈ এতিয়া সকলো সম্ভৱপৰ প্ৰচেষ্টা লৈ আছে। চলিত মাহৰ আৰম্ভণিতে বেইজিঙে ঘোষণা কৰিছিল যে দেশখনৰ উত্তৰ-পশ্চিমৰ প্ৰদেশ ঝিনঝিয়াং আৰু তিব্বতক সংযোগ কৰি এটা বৃহৎ ৰে'ললাইন নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে। লাছাত তেওঁৰ ভাষণত জিনপিঙে কয়- তিব্বতৰ বিকাশ, সুস্থিৰতা আৰু শাসনৰ বাবে অঞ্চলটোৰ ৰাজনৈতিক সুস্থিৰতা আনিব লাগিব। আওপকীয়াকৈ তিব্বতত এখন শক্তিশালী প্ৰশাসনৰ ওপৰত গুৰুত্ব দিয়ে জিনপিঙে।

Share This