ডিজিটেল ডেস্ক: হাইলাকান্দিত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট। জব্দ হৈছে ৬০ লাখ টকাৰ য়াবা টেবলেট। বাউৰোঘাট অঞ্চলত অভিযান চলাই আৰক্ষীয়ে ৮১৬.৯ গ্ৰাম য়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ভিচিংছা গাঁৱৰ বাহাৰুল আলম মজুমদাৰ (২৮) আৰু ছায়েখ হুছেইন লস্কৰ (২৫)। অভিযানত য়াবা টেবলেটখিনিৰ লগতে তিনিটা ম'বাইল ফ'ন আৰু এখন বলেৰ' বাহনো জব্দ কৰা হয়।
জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা দুজনৰ ভিতৰত এজন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী আৰু আনজন চৰকাৰী কৰ্মচাৰী। জব্দ কৰা য়াবাখিনি ক'ৰ পৰা অনা হৈছিল আৰু ইয়াৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
উল্লেখযোগ্য যে হাইলাকান্দি জিলাত বিগত কিছুদিন ধৰি নিষিদ্ধ য়াবাৰ বিৰুদ্ধে আৰক্ষী তথা বিভিন্ন নিৰাপত্তা সংস্থাই অভিযান তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ মাজতে বাউৰোঘাটত বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দৰ ঘটনাই জিলাখনত চলি থকা মাদক বেহাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল