২৫ বছৰত সৰ্ববৃহৎ পতন, দেশৰ শ্বেয়াৰ বজাৰত দুৰ্যোগ 

dainik janambhumi October 02, 2026

ডিজিটেল ডেস্ক : দেশৰ শ্বেয়াৰ বজাৰ আৰু একেৰাহে ৮ম সপ্তাহত ৰঙা চিনেৰে বন্ধ হয়। আজি ১ অক্টোবৰত সপ্তাহটোৰ শেষৰটো ব্যাৱসায়িক দিনত ছেনছেক্স ৫৭০ পইন্ট বা ০.৭৯ শতাংশ তলত, ৭১,৯১০ত বন্ধ হয়। নিটি ১৯৮ পইন্ট বা ০.৮৮ শতাংশৰ পতন ঘটে আৰু ২২,৪২২-৩ বন্ধ হয়। কালি একেৰাহে ৮ম সপ্তাহত বজাৰ ৰঙা চিনেৰে বন্ধ হয়। এয়া হৈছে বিগত ২৫ বছৰত পতনৰ আটাইতকৈ দীঘলীয়া সময়। ইয়াৰ আগতে ২০০১ চনত শ্বেয়াৰ বজাৰত একেৰাহে ৯ম সপ্তাহলৈ পতন ঘটিছিল। 

জানুৱাৰীত ২৬,৩৭৩-ৰ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত থকা নিফটিৰ এতিয়া প্রায় ১৫ শতাংশ পতন ঘটিল। শ্বেয়াৰ বজাৰৰ নিয়ম অনুসৰি, যদি বজাৰৰ নিজৰ উচ্চ স্তৰতকৈ ২০ শতাংশ পতন ঘটে, তেন্তে তাক আনুষ্ঠানিক 'বীয়েৰ মার্কেট' বুলি কোৱা হয়। শ্বেয়াৰ বজাৰত পতনৰ মূল কাৰণ তিনিটা বুলি থিৰাং কৰা হৈছে। প্রথম, বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা খৰতকীয়াকৈ ধন উলিয়াই লৈ যোৱা। কেৱল মঙল আৰু বুধবাৰেই ২০ হাজাৰ কোটিতকৈ অধিক শ্বেয়াৰ বিক্ৰী কৰা হৈছে। যাৰ ফলত এই সপ্তাহৰ বুধবাৰলৈ বিদেশী বিনিয়োগকাৰীযে বিক্ৰী কৰা শ্বেয়াৰৰ মুঠ ২৬ হাজাৰ কোটি টকা হয়। 

বজাৰ পতনৰ দ্বিতীয় কাৰণ হৈছে, ১০ বছৰৰ আমেৰিকাৰ চৰকাৰী বণ্ডত লাভ কৰা সুত বৃদ্ধি পাই ৫.৩৩ শতাংশ আৰু ৩০ বছৰৰ বণ্ডত সুত ৫.৬৭ শতাংশ হয়গৈ। সুৰক্ষিত চৰকাৰী বণ্ডত বেছি ৰিটার্ন লাভ কৰাৰ বাবে বিদেশী বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰৰ পৰা ধন উলিয়াই বণ্ডত লগাইছে। তৃতীয় কাৰণ, ডলাৰ শক্তিশালী হোৱা আৰু টকা দুৰ্বল হোৱা। প্রতি ডলাৰত ভাৰতীয় টকাৰ মূল্য হৈছেগৈ ৯৫.৩৮। ইফালে কালি শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ আগতে বিয়লি প্রকাশ পোৱা বাতৰি মতে, কালি প্রায় এঘণ্টাৰ ভিতৰতে বি এছ ই তালিকাভুক্ত বিনিয়োগকাৰীৰ ৯.৫ লাখ কোটি টকাৰ লোকচান হয়।

Share This