MENU

Young Psychologist Competitionত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ড’না শুভলক্ষ্মী 

Rashmi March 22, 2025

ডিজিটেল ডেস্ক : অসমৰ গৌৰৱ ড'না শুভলক্ষ্মীয়ে ৰাষ্ট্ৰীয় স্তৰত নিজৰ প্ৰতিভাৰ পৰিচয় দি দেশৰ অন্যতম প্ৰতিষ্ঠিত প্ৰতিযোগিতা "Young Psychologist Competition"-ত তৃতীয় স্থান অধিকাৰ কৰি অসমক গৌৰৱান্বিত কৰিছে। এই প্ৰতিযোগিতা ক্ৰাইষ্ট ইউনিভাৰ্চিটি, বেংগালুৰু (মধ্য কেম্পাছ)-ত অনুষ্ঠিত হৈছিল।

ড'না শুভলক্ষ্মী বৰ্তমান ক্ৰাইষ্ট ইউনিভাৰ্চিটি, যশৱন্তপুৰ কেম্পাছত বি.এছচি. মনোবিজ্ঞান (Psychology) বিভাগৰ ছাত্ৰী। এই প্ৰতিযোগিতাত ১৪০টা গৱেষণা প্ৰবন্ধৰ মাজৰ পৰা কেৱল ৪০টা চূড়ান্ত পৰ্যায়লৈ উন্নীত হৈছিল। তাৰে ভিতৰত ড'না আৰু তেওঁৰ দল শীৰ্ষ ১০ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ গৱেষণা আৰু প্ৰদৰ্শন অত্যন্ত প্রশংসনীয় বুলি বিবেচিত হয়।

ড'নাৰ এই সফলতাৰ আঁৰত আছে এক সমৃদ্ধ পৰিয়ালৰ প্ৰেৰণা। তেওঁ ড° স্নিগ্ধা চেতিয়াৰ জীয়ৰী, যি বৰ্তমানে কমাণ্ডেণ্ট (মেডিকেল), চি আৰ পি এফ হিচাপে কৰ্মৰত। লগতে, তেওঁ কৃতী বঁটা বিজয়ী, প্ৰয়াত কুসুম চেতিয়াৰ নাতিনী, যি নামতি চাৰিআলি গাৰ্লছ হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ আছিল। প্ৰয়াত কুসুম চেতিয়াৰ স্বামী শ্ৰীযুত উমা কান্ত চেতিয়া।

ড'নাৰ এই সফলতাই অসমৰ যুৱ সমাজৰ বাবে অনুপ্ৰেৰণা হৈ উঠিছে। দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীৰ মাজত প্ৰতিযোগিতা কৰি তৃতীয় স্থান লাভ কৰা ড'নাৰ এই সফলতা তেওঁৰ অধ্যৱসায়, বুদ্ধিমত্তা আৰু মনোবিজ্ঞানৰ প্ৰতি তেওঁৰ গভীৰ আকৰ্ষণৰ প্ৰমাণ।

ড'না শুভলক্ষ্মীৰ এই গৌৰৱোজ্জ্বল সফলতাই অসমৰ নাম উজলাইছে আৰু আগন্তুক মনোবিজ্ঞানীসকলৰ বাবে এক আদৰ্শ স্থাপন কৰিছে।

উৎস: প্ৰাগ নিউজ ডিজিটেল
 

Share This