এছিয়াডত স্বর্ণজয়ী সর্বকনিষ্ঠ ভাৰতীয় বৈভৱ

dainik janambhumi October 05, 2026

ডিজিটেল ডেস্ক : পাকিস্তানক শনিবাৰে ১৯ ৰানত হৰুৱাই ভাৰতে এছিয়ান গেমছৰ ক্ৰিকেটত সোণ জয় কৰে। সেই দলত থকা বৈভৱ সূর্যবংশীয়ে খুব বেছি ৰান কৰিব নোৱাৰিলেও এক অভিলেখ প্রতিষ্ঠা কৰে। ভাৰতীয় ক্রীড়াবিদ হিচাপে সবাতোকৈ কম বয়সত সোণ জয়ৰ নজিৰ প্ৰতিষ্ঠা কৰে বৈভৱে। বেটিং চাঞ্চল্য বৈভৱে ১৫ বছৰ ৬ মাহ ৭দিনত সেই ৰেকৰ্ড স্থাপন কৰে। ইয়াৰ আগেয়ে এই ৰেকৰ্ডৰ গৰাকী আছিল শুটাৰ সৌৰভ চৌধাৰী। ২০১৮ চনৰ জাকার্টা এছিয়ান গেমছত সৌৰভে ১৬ বছৰ, ৩ মাহ ৯ দিনৰ বয়সত অভিলেখ গঢ়িছিল। 

ইফালে, সামগ্রিকভাৱে এছিয়াডত পদজকজয়ী দ্বিতীয় সর্বকনিষ্ঠ ভাৰতীয় খেলুৱৈ হৈছে বৈভৱ। ইয়াৰ আগেয়ে মহিলা স্পীড স্কেটাৰ সঞ্জনা বাথুলাই সবাতোকৈ কম বয়সত স্বর্ণ জয় কৰিছিল। তেওঁ ২০২৩ হাংঝৌ এছিয়াডত ১৫ বছৰ ৩ মাহ, ১১ দিনত স্বর্ণপদক পাইছিল।

Share This