ডিজিটেল ডেস্ক : এছ আৰৰ নামত জালিয়াতিৰে ভোটাৰৰ নাম কৰ্তন কৰাক লৈ যুৱ কংগ্ৰেছৰ বিক্ষোভ প্রতিবাদ। ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ এনামৰ নেতৃত্বত কৰিমগঞ্জ জিলা কংগ্রেছ কার্যালয়ৰ পৰা এক প্রতিবাদী সমদল উলিয়াই জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। নির্বাচনী কাৰ্যালয়ৰ সন্মুখত আৰক্ষীয়ে বেৰিকেড লগাই প্রতিবাদী দলটোক বাধা দিয়ে। বিশাল আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়েন কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌদিশে বাধা প্ৰদান কৰে। শেষত প্রতিবাদী দলটো জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে।
ভোট চোৰ-গাদী চোৰ, ভোট চোৰ-গৰু চোৰ ইত্যাদি শ্ল'গান আওৰাই পৰিৱেশ উত্তাল কৰি তোলে। প্রতিবাদী কাৰ্যসূচীত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক মিতেন্দ্র দর্শন সিং উপস্থিত থাকি কয় যে য'ত য'ত বিজেপি পৰাজিত হোৱা আশংকা থাকে, তাতেই এনেদৰে ভোট কর্তন কৰে। মুছলমান ভোটাৰ থকা সমষ্টিসমূহত ২০/২৫ হাজাৰকৈ ভোট কৰ্তন কৰিছে। কেৱল সংখ্যালঘু তথা মুছলমান সম্প্ৰদায়ৰ লোকৰ ভোট কর্তন কৰিছে তেনে নহয়, ধেমাজিতো জনজাতীয় লোকৰ ভোট কৰ্তন কৰিছে। বিজেপিয়ে য'ত নির্বাচনত জিকিব নোৱাৰে বুলি ভাবিছে, তাতেই এছ আৰৰ জৰিয়তে ভোট কাটিছে। আমি আজি ইয়াত ধর্ণা দিবলৈ অহা নাই, আমি সংবিধানৰ কথা পাতিবলৈ আহিছোঁ। সংবিধান ৰক্ষা কৰাৰ বাবে আহিছোঁ। গণতন্ত্র কেনেদৰে ৰক্ষা কৰিব পৰা যায়, তাৰ বাবে আহিছোঁ। দেশত যদি গণতন্ত্র, লোকতন্ত্র নোহোৱা হয়, তেন্তে ৰজাৰ শাসন আৰম্ভ হ'ব। সেই কাম আমি হ'বলৈ নিদিওঁ। বিজেপিয়ে দেশত ৰাম নামৰ নামত ৰামৰ কোনো কাম কৰা নাই।
দেশত মানুহক কেনেদৰে ভয়-ভাবুকিৰে হেঁচা দি ৰাখিব পাৰি, তাকেই কৰি আছে। যি কাম ৰাৱণে কৰা নাছিল, সেই কাম বিজেপিয়ে কৰি দেখুৱাইছে। কালিৰ প্ৰতিবাদী কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ এনাম, কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সভাপতি তাপস কান্তি পুৰুকায়স্থসহ জিলাৰ দলীয় কৰ্মী-সমর্থক আৰু সম্ভাব্য প্রার্থীসকল উপস্থিত আছিল। শেষত প্রতিবাদী দলটোৰ ১০গৰাকী প্ৰতিনিধিয়ে জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদীক সাক্ষাৎ কৰি তেওঁলোকৰ দাবীসম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।