ডিজিটেল ডেস্ক: বাংলাদেশৰ ৰাজধানী ঢাকাত শনিবাৰে লক্ষাধিক লোকৰ উপস্থিতিত যুৱ নেতা শ্বৰীফ ওচমান হাদীৰ অন্ত্যেষ্টিক্রিয়া(সমাধিস্থ) সম্পন্ন হয়। শনিবাৰে বিয়লি ৪ মান বজাত ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্রীয় মছজিদ সংলগ্ন জাতীয় কবি কাজী নজৰুল ইছলামৰ সমাধিৰ কাষতে হাদীক সমাধিস্থ (দফন) কৰা হয়। ইয়াৰ আগতে বিয়লি ২ বজাত জাতীয় সংসদ ভৱনৰ দক্ষিণ প্লাজাত হাদীৰ জানাজা (অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাৰ্থনা) হয়।
'ইনকিলাব মঞ্চ'ৰ ৩২ বছৰীয়া মুখপাত্ৰজনৰ জানাজাত দেশখনৰ অন্তৰ্ৱতী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে উপদেষ্টা পৰিষদৰ সদস্যসকল আৰু সেনাৰ মুৰব্বী জেনেৰেল ৱাকেৰ-উজ-জামান উপস্থিত থাকে। প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াৰ বাংলাদেশ নেশ্যনেল পার্টি (বি এন পি), জামাত-এ-ইছলামী আৰু ছাত্র নেতৃত্বাধীন নেশ্যনেল চিটিজেন পাৰ্টিৰ (এন চি পি) প্রতিনিধিয়েও প্রার্থনাত অংশগ্ৰহণ কৰে। যোৱা বছৰৰ ছাত্ৰ নেতৃত্বাধীন প্রতিবাদী আন্দোলনৰ (জুলাই আন্দোলন) অন্যতম অগ্ৰণী নেতা হাদীৰ মৃত্যুত শনিবাৰে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হয়।
হাদী যোৱা ১২ ডিচেম্বৰত ঢাকাৰ বিজয়নগৰত দুর্বৃত্তৰ আক্ৰমণত আহত হৈছিল। মূৰত গুলীবিদ্ধ হাদীক উন্নত চিকিৎসাৰ বাবে তিনি দিনৰ পাছত লৈ যোৱা হৈছিল ছিংগাপুৰলৈ। কিন্তু যোৱা ১৮ ডিচেম্বৰত হাদীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতে বাংলাদেশত হিংসাত্মক প্রতিক্রিয়া দেখা যায়। বহু চৰকাৰী কাৰ্যালয় ভস্মীভূত হয়, অগ্নিসংযোগ কৰা হয় সংবাদ প্রতিষ্ঠানত, এজন সাংবাদিকক হত্যা কৰা হয়, আৰক্ষী বিষয়াসহ নিহত হয় ৪জন, ভাৰতীয় কূটনৈতিক বিষয়াৰ বাসভৱনতো আক্রমণ চলে।
উল্লেখযোগ্য যে অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দেশখনৰ সাধাৰণ নিৰ্বাচনৰো প্ৰাৰ্থী আছিল প্রয়াত হাদী। হিন্দু যুৱকৰ হত্যাকাণ্ড: ১০জনক গ্ৰেপ্তাৰ: বাংলাদেশৰ মৈমনসিংহ জিলাত দলবদ্ধ আক্রমণত এজন হিন্দু যুৱকৰ মৃত্যু হোৱা তথা পাছত মৃতদেহ জ্বলাই দিয়া ঘটনা সন্দর্ভত জিলাখনৰ আৰক্ষীয়ে ১০জন লোকক গ্ৰেপ্তাৰ কৰে। বাংলাদেশৰ ভলুকাৰ পায় 'নিয়াৰ নিটৱেৰ্ছ লিমিটেড কাৰখানাৰ শ্ৰমিক আছিল দীপু চন্দ্র দাস (২৫)। ধৰ্মৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ অভিযোগত উক্ত কাৰখানাৰ শ্রমিক আৰু উত্তেজিত জনতাৰ দলবদ্ধ আক্ৰমণত যোৱা বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হৈছিল। ইফালে দাসৰ পিতৃয়ে এন ডি টিভিৰ আগত উক্ত দিনাৰ ঘটনাৰ বিষয়ে কয়, 'কোনোবাই আমাক জনালে যে তাক বৰ বেয়াকৈ মাৰিলে। আধা ঘণ্টাৰ পাছত মোৰ খুৰা আহিল আৰু ক'লে যে সিহঁতে মোৰ পুত্ৰক লৈ গ'ল এজোপা গছত বান্ধি থ'লে। তাৰ পাছত সিহঁতে তাৰ গাত কেৰাচিন ঢালি দিলে আৰু জুই লগাই দিলে। সিহঁতে তাৰ অগ্নিদগ্ধ মৃতদেহ বাহিৰত থৈ গ'ল। সিহঁতে অগ্নিদগ্ধ মৃতদেহ আৰু মূৰটো বাহিৰত বান্ধি থৈ গ'ল।'