ভাৰতীয় হৈও পাকিস্তানক প্ৰদান কৰিছিল ভাৰতৰ তথ্য, গ্ৰেপ্তাৰ হ'ল ইউটিউবাৰ জ্যোতি মালহোত্ৰা

Rashmi May 18, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় হৈয়ো ভাৰতৰে গাড্ডাৰ এগৰাকী ইউটিউবাৰৰ। ভাৰততে থাকি ভাৰতৰে তথ্য প্ৰদান কৰি আহিছিল পাকিস্তানক। হয়, হাৰিয়ানাৰ হিছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলা ইউটিউবাৰ জ্যোতি মালহোত্ৰাক । ভাৰতৰ চোৰাংচোৱাগিৰি কৰাৰ লগতে ISIক তথ্য প্ৰদান কৰি বিপদত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা। জানিব পৰা মতে পাকিস্তান উচ্চায়ুক্তৰ ডেনিছ নামৰ এজন বিষয়াৰ সৈতে তেওঁৰ যোগাযোগ আছিল, যিয়ে তেওঁক পাকিস্তানলৈ যোৱাত সহায় কৰিছিল বুলি অভিযোগ উঠিছে ।

জ্যোতিৰ ইউটিউবত আছে ৩ লাখ ৭৭ হাজাৰ ছাবস্ক্ৰাইবাৰ। ইনষ্টাগ্ৰামত জ্যোতিৰ আছে ১ লাখ ৩৭ হাজাৰ ফল’ৱাৰছ। জ্যোতিয়ে ইউটিউবত 'ট্ৰেভেল উইথ-জো' নামৰ এটা চেনেল চলাই আছে। পাকিস্তান ভ্ৰমণৰ ভিডিঅ’ৰে ভৰি আছে জ্যোতিৰ ইউটিউব, ইনষ্টাগ্ৰাম। ইয়াৰোপৰি পহলগামৰ নৰসংহাৰৰ প্ৰতিশোধ ল’বলৈ ভাৰতে অপাৰেশ্যন সিন্দূৰ আৰম্ভ কৰাৰ সময়ত জ্যোতিয়ে “say no to war” শীৰ্ষক ষ্ট’ৰী লগাইছিল ইনষ্টাগ্ৰামত। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে জ্যোতিৰ পাছপ’ৰ্ট। 

উল্লেখযোগ্য যে কমিছন এজেণ্টৰ জৰিয়তে ভিছা লাভ কৰি ২০২৩ চনত পাকিস্তান ভ্ৰমণ কৰিছিল জ্যোতি মালহোত্ৰাই। এই ভ্ৰমণৰ সময়ত নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰী এহছান-উৰ-ৰহিম ওৰফে ডানিছৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল জ্যোতিয়ে। ডানিছেই জ্যোতিক একাধিক পাকিস্তানী চোৰাংচোৱাৰ সৈতে চিনাকি কৰাই দিছিল।আনহাতে একেই অভিযোগত হাৰিয়ানাত জ্যোতিসহ গ্ৰেপ্তাৰ হৈছে মুঠ ৬জন লোক।

Share This