আই পি এলত দ্বিতীয় হেটত্রিক য়ুজবেন্দ্ৰ চাহলৰ

dainik janambhumi May 02, 2025

ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এলত প্রথম হেটত্রিক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰিলে য়ুজবেন্দ্র চাহলে। ভাৰতীয় দলৰ পৰা বাহিৰত থকা চাহলে চলিত প্রতিযোগিতাখনত বুধবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ হৈ হেটত্রিকসহ ৪টা উইকেট দখল কৰে। নিজৰ প্ৰথম দুই অ'ভাৰত চাহলে ২৩ ৰান খৰচ কৰাৰ পাছত অধিনায়ক শ্রেয়াষ আয়াৰে তেওঁক আৰু বল দিবলৈ দিয়া নাছিল। পিছে ১৯সংখ্যক অ'ভাৰত অভিজ্ঞ স্পীনাৰগৰাকীৰ হাতত পুনৰ বল তুলি দিয়ে শ্রেয়াষে। সেই অ'ভাৰতে মহেন্দ্ৰ সিং ধোনিৰ উইকেট লাভ কৰে চাহলে। ইয়াৰ পাছত একেৰাহে দীপক হুদা, অনছুল কম্বোজ আৰু নূৰ আহমেদৰ উইকেটৰ পতন ঘটায়। চাহলে (৪-৩২) তেনেদৰেই আই পি এলত সৰ্বাধিকবাৰলৈ ৪ অথবা ইয়াৰ ততোধিক উইকেট দখল কৰাৰ অভিলেখ গঢ়ে। তাৰকা স্পীনাৰগৰাকীয়ে নৱমবাৰলৈ উক্ত ৰেকৰ্ড প্রতিষ্ঠা কৰে।

দ্বিতীয় স্থানত আছে সুনীল নাৰাইন। তেওঁ ৮বাৰ এক ইনিংছত ৪ অথবা ততোধিক উইকেট দখল কৰিছে। তেওঁলোকৰ উপৰি লেচিথ মালিংগাই ৭ আৰু কাগিছু ৰাবাডাই ৪ বা ততোধিক উইকেট লাভ কৰিছে। চাহলৰ আগেয়ে অমিত মিশ্ৰই তিনিবাৰ (২০০৮, ২০১১, ২০১৩) আৰু যুৱৰাজ সিঙে ২০০৯ চনতে দুবাৰ হেটত্রিক পূৰ কৰিছিল। ইফালে, ২০২৩ চনৰ আই পি এলৰ পাছত হেটত্রিক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈতো পৰিণত হয় চাহল। বুধবাৰে ছটা বলত ৪টা উইকেট পোৱা চাহলে ২০২২ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আই পি এলত প্রথম হেটত্রিক কৰিছিল।

Share This