দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী

Rashmi September 09, 2025

ডিজিটেল ডেস্কঃ দৰং জিলাৰ দলগাঁৱৰ জৰীপ আলীয়ে  ১০ বিঘা ভূমিত দুবছৰ পূৰ্বে মহাৰাষ্ট্ৰ আৰু বাংলাদেশৰ পৰা অনা উন্নত মানৰ বীজৰ জৰিয়তে ড্ৰেগন ফলৰ খেতি কৰি বহুত লাভাৱান্বিত হৈছে আৰু স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । 

জৰীপ আলীয়ে দুটা বছৰত ১০ বিঘা মাটিত ড্ৰেগনৰ খেতি কৰি ইতিমধ্যে ৪০ (চল্লিশ) লাখ টকা লাভ কৰিছে । 

জৰীপ আলীয়ে ড্ৰেগন ফলৰ উপৰি বগৰী, কঁঠাল, আম, বেঙেনা আদিকে ধৰি মুঠ ৭৫ বিঘা মাটি ফলমূল আৰু পাচলিৰ খেতি কৰি নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । তেওঁ উল্লেখ কৰা মতে ২০১৯/২০ৰ লকডাউনৰ সময়ত ফল-মূলৰ খেতিত ১৪ লাখ টকা লোকচানৰ সন্মুখীন হৈছিল যদিও বৰ্তমান বহুতো লাভত খেতি কৰি আছে  জৰীপ আলীয়ে । প্ৰতি কিল'ত ১৭০/১৮০ টকাৰ হাৰত ড্ৰেগন বিক্ৰী কৰি আহিছে জৰীপ আলীয়ে । আজি ১০ কুইন্টলতকৈ বেছি ড্ৰেগন  চুবুৰীয়া ৰাজ্য মণিপুৰলৈ পঠাব বুলি জৰীপ আলীয়ে জনায় । 


জৰীপ আলীয়ে তেওঁ উৎপাদিত পাচলি ফল-মূলসমূহ অসম-মণিপুৰ আদিৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত ৰপ্তানি কৰে বুলি জানিবলৈ দিয়ে । খেতিৰ চাৰিওফালে কটকটীয়া তাঁৰৰ বেৰা আৰু ওপৰত   ড্ৰেগনৰ খেতি পোক, পৰুৱা, চৰাইৰ পৰা ৰক্ষা পাবলৈ সুৰক্ষা দিয়া দেখা গৈছে 

তেওঁ বৰ্তমান এগৰাকী আদৰ্শৱান খেতিয়ক হিচাপে বহু ঠাইৰ পৰা পুৰস্কৃতও হৈছে । তেওঁ নিবনুৱা যুৱকসকলকো এই লাভদায়ক ড্ৰেগনৰ খেতি কৰিবলৈ আহ্বান জনাইছে ।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This