জেলেনস্কীৰ গৃহ চহৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ 

dainik janambhumi April 06, 2025

ডিজিটেল ডেস্কঃ ইউক্রেইনৰ ৰাষ্ট্ৰ পতি জেলেনস্কীৰ গৃহ চহৰ ক্ৰিভী ৰিহত ৰাছিয়াই শুকুৰবাৰে ক্ষেপনাস্ত্ৰৰে প্ৰচণ্ড আক্রমণ কৰে। চলিত বৰ্ষৰ ভিতৰত ইউক্রেইনত এইটোৱেই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে ৰাছিয়াই।

 ৰুছ সেনাৰ এই আক্রমণত ৯টা শিশুসহ ১৯ জন লোকৰ মৃত্যু হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শান্তি প্ৰক্ৰিয়াৰ বাবে হেঁচা দি থকা সত্তেও ৰাছিয়াই ইউক্রেইনত আক্রমণ বৃদ্ধি কৰিয়েই আছে।
 ৰাছিয়াৰ এই আক্ৰমণত ইউক্রেইনৰ ৬৮ জন লোক আহত হয় য'ত এটা আঠমহীয়া শিশুও আছে। ক্রিভী ৰিহৰ মেয়ৰ অলেকছাণ্ডৰ বিকুলে কয় যে ৰাছিয়াৰ এই আক্ৰমণত কেইবাটাও আবাসিক ভৱনৰ লগতে ছখন শিক্ষা প্রতিষ্ঠান ক্ষতিগ্রস্ত হয়।

তদুপৰি, চহৰখনৰ দোকান আৰু ব্যাৱসায়িক প্রতিষ্ঠানসমূহো ক্ষতিগ্রস্ত হয়। মেয়ৰজনে এই আক্রমণক অতি হৃদয়বিদাৰক বুলি অভিহিত কৰে। 'সন্ত্রাসবাদী' দেশখনে আন এটা জঘন্য অপৰাধ সংঘটিত কৰিলে বুলিও মেয়ৰজনে কয়। 

ইফালে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাছিয়াৰ এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দি নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনায় আৰু আহতসকলৰ চিকিৎসা কৰাবলৈ নিৰ্দেশ দিয়ে।

Share This