ডিজিটেল ডেস্ক : মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লেখাপানীৰ ষ্টীলবেল পথৰ সোঁৱৰণত নিৰ্মিত জিৰ' পইন্ট পার্ক বর্তমান জৰাজীৰ্ণ তথা অস্তিত্বহীনৰ দিশে গতি কৰিছে। তৎসত্ত্বেও কাণসাৰ নাই বিভাগীয় কর্তৃপক্ষৰ। ঐতিহাসিক ষ্টীলৱেল পথৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে ষ্টীল ৱেল পথৰ জিৰ' পইণ্টত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে তিনিচুকীয়া জিলাৰ ২৫ ছেক্টৰ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰৰ বিপৰীত দিশত নিৰ্মাণ কৰা হৈছিল এই জিৰ' পইন্ট পার্ক। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লিডুৰ পৰা চীনৰ কুনমিঙলৈ ১৭৩৬ কিল'মিটাৰ দৈর্ঘ্যৰ এই ষ্টীলৱেল পথটো নিৰ্মাণ কৰা হৈছিল।
ঐতিহাসিক ষ্টিলবেল পথ নির্মাণত ১৫,০০০ আমেৰিকান সৈনিক আৰু স্থানীয় বিভিন্ন সম্প্রদায়ৰ লোকসকলে অংশ গ্রহণ কৰিছিল। মাৰ্ঘেৰিটা নগৰৰ পৰা ১৮ কিল'মিটাৰ দূৰত্বত অৱস্থিত এই পাকখন বৰ্তমান জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ পাছতো ইয়াৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে কোনো এটা পক্ষই আজিকোপতি গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হোৱা নাই। জিৰ' পইন্ট পার্ক খনৰ সৌন্দর্যবর্ধন আৰু নিৰ্মাণত ব্যৱহৃত লোৰ ৰড, চাৰিসীমাৰ বাল, ছাইনব'র্ড, শিশুৱে খেলা সঁজুলিসমূহ ইতিমধ্যে কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে ভাঙি নষ্ট কৰি পেলাইছে। ঐতিহাসিক ষ্টীলৱেল পথৰ সোঁৱৰণত নিৰ্মিত এই জিৰ' পইন্ট পাৰ্কৰ এনে দুৰৱস্থাৰ বাবে ক্ষোভ প্রকাশ কৰিছে সদৌ অসম টাংছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নায়ুং মোচাঙে।
সমান্তৰালকৈ জনজাতীয় সংগঠনটোৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে শীঘ্রে পার্ক খনৰ উন্নয়নৰ লগতে সংৰক্ষণৰ দাবী জনাইছে। ঐতিহাসিক স্থান আৰু কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে গুৰুত্ব দি অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰে ছাত্ৰ নেতাগৰাকীয়ে। লগতে জিৰ' পইণ্টত অৱস্থিত এই পার্ক খন পুনৰ নিৰ্মাণ কৰাৰ লগতে সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনায়।