ডিজিটেল ডেস্কঃ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজোৰা প্ৰচাৰ অভিযান চলাব। অহা ১৭ অক্টোবৰৰ পৰা যুৱ-ছাত্ৰ পৰিষদে অসমৰ সকলো জিলাতে যান-বাহনত 'জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক' শীর্ষক শ্ল'গান আৰু শিল্পীগৰাকীৰ ফটোসম্বলিত ১০ লাখ ষ্টিকাৰ লগাই প্ৰচাৰ চলাব। অহা ১৯ অক্টোবৰত, অৰ্থাৎ জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমহীয়াৰ দিনা ৰাজ্যজুৰি দিনজোৰা অনশন কাৰ্যসূচী ঘোষণা কৰিছে যুৱ-ছাত্ৰ পৰিষদে।
কালি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত ৰাজ্য চৰকাৰে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ বাবে এছ আই টি আৰু চি আই ডিক দায়িত্ব অর্পণ কৰিছে। চি আই ডি আৰু এছ আই টিয়ে তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ বিভিন্ন বিষয় ৰাজহুৱা হোৱা দেখা গৈছে। তেনেদৰে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ ৰাজ্যত এতিয়া বিভিন্ন পক্ষই ৰাজনীতি কৰা দৃষ্টিগোচৰ হৈছে। শাসকীয় দলৰ একাংশ নেতাৰ লগতে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও বিষয়টো লৈ পাকেপ্ৰকাৰে ৰাজনীতি কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত মৰমৰ শিল্পী জুবিন গাৰ্গে যে ন্যায় পাব সেয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। এয়া অত্যন্ত দুর্ভাগ্যজনক আৰু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি কৰা চৰম অন্যায়। মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ২৫ দিন অতিক্রম কৰিলে। প্রয়াত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা তদন্ত কৰিবলৈ দায়িত্ব দিয়া তদন্তকাৰী সংস্থাসমূহৰ কাম-কাজতো অসমৰ ৰাইজ সম্পূর্ণরূপে আশ্বস্ত হ'ব পৰা নাই।
সেয়েহে, মৰমৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এই কাৰ্যসূচী ঘোষণা কৰিছে। জিলা সদৰত অনশন কাৰ্যসূচীৰ পাছত বন্তি প্রজ্বলনেৰে সন্ধিয়া মৰমৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। সেইদিনাই অনশন কাৰ্যসূচীৰ পাছত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শাখা স্তৰৰ পৰা কেন্দ্ৰীয় সমিতিলৈ প্রতিজন সদস্যই নিজৰ নিজৰ ঘৰত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰি তাৰ ফটো তুলি 'জুবিন গাৰ্গক ন্যায় প্রদান কৰক' বা 'জাষ্টিচ ফৰ জুবিন গাৰ্গ' শ্ল'গানেৰে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিব। উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুব-ছাত্র পৰিষদে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই তেখেতৰ মৃত্যুৰ ঘটনা স্বাভাৱিক নহয়, এই ঘটনা ৰহস্যজনক বুলি মত প্রকাশ কৰি সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী উত্থাপন কৰি আহিছে।
ইফালে, কালি পৰিষদৰ নেতাদ্বয়ে স্পষ্ট ভাষাৰে কয় যে মৰমৰ শিল্পী জুবিন গাৰ্গ কেৱল এগৰাকী বিশ্ব মানৰ শিল্পীয়েই নহয়, জুবিন গাৰ্গ অসমৰ ৰাইজৰ মন-মানসিকতাত নিগাজীকৈ থিতাপি লোৱা এক মহাসত্তা। ইয়াৰ লগে লগে তেখেত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীর্থ। সেয়েহে, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি যুৱ-ছাত্ৰ পৰিষদে সহ্য নকৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সত্য উদ্ঘাটন হ'বই লাগিব, জুবিন গার্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত সকলো পক্ষকে ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ যুৱ-ছাত্ৰ পৰিষদে সকীয়াই দিয়ে। যিকোনো শক্তিয়ে তেনে কাৰ্যত লিপ্ত হ'লে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তেনে শক্তিক নিজাববীয়াকৈ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্রহণ কৰিব। ইফালে, দেওবাৰে ফে'চবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বৰপেটাৰ স্থানীয় আতচবাজী উদ্যোগীসকলৰ অর্থনৈতিক অৱস্থাৰ কথা উল্লেখ কৰি দেৱালীত ফটকা, আতচবাজী জ্বলোৱাত কোনো বাধা আৰোপ নাই বুলি উল্লেখ কৰাৰ পাছত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে তেওঁক উভতি ধৰিছে। পৰিষদে জুবিন গাৰ্গ প্রতিজন অসমীয়াৰ সহোদৰ বুলি উল্লেখ কৰি কয়, 'তেওঁৰ মৃত্যুৰ শোকত কোনোবাই ফটকা নুফুটাব পাৰে।
সেয়েহে, মুখ্যমন্ত্ৰীয়ে ফটকা ফুটাবলৈ জোৰ কৰিব নালাগে। মুখ্যমন্ত্ৰীৰ ফটকা ফুটাবলৈ মন গৈছে যদি বৰপেটাৰ সকলো ফটকা ক্ৰয় কৰি জনতা ভৱনৰ সন্মুখত একেলগে ফুটাই দিয়ক। আমি বেয়া নাপাওঁ। বৰপেটাৰ থলুৱা ফটকা উৎপাদকক চৰকাৰে আজিলৈকে কিয় ৰাজসাহায্য দিয়া নাই। বৰপেটাৰ থলুৱা ফটকা উদ্যোগীক চৰকাৰে অনতি বিলম্বে সকাহ দিয়াৰ ব্যৱস্থা কৰক।'