ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্র সন্থাই কালি ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে। হার্টথ্রব জুবিন গাৰ্গক ন্যায় প্রদান কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি বিক্ষোভ, বন্তি প্রজ্বলন আৰু ন্যায় সমদল কৰিব। ছাত্র সংগঠনটোৱে অহা ১৪ অক্টোবৰত ৰাজ্যজুৰি অৱস্থান বিক্ষোভ প্রদর্শন কৰিব। অহা ১৯ অক্টোবৰত ৰাজ্যৰ সকলো প্রান্তত বন্তি প্রজ্বলন কৰাৰ লগতে অহা ২৩ অক্টোবৰত ন্যায় সমদলৰ আহ্বান জনাইছে। ১৪ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰৰ ৰাজহুৱা স্থানত অৱস্থান কৰি বিক্ষোভ প্রদর্শন কৰা হ'ব। ১৯ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰিব। আনহাতে, অহা ২৩ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত ন্যায় সমদল কৰি প্ৰাণৰ শিল্পীজনৰ বাবে ন্যায় দাবী কৰা হ'ব। এই প্রতিবাদ ৰূপায়ণৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদানৰ দাবী শান্তিপূর্ণভাৱে উত্থাপন কৰিবলৈ ছাত্র সন্থা সাজু হৈছে। ছাত্র সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব বুলি স্পষ্ট কৰে। কালি এক বিবৃতিযোগে আছুৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাবই লাগিব, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাৰ তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব, প্রতিজন দোষীক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব আৰু অসম চৰকাৰে সাক্ষ্য-প্ৰমাণৰ সৈতে দোষীৰ বিৰুদ্ধে কটকটীয়া অভিযোগনামা প্রস্তুত কৰিব লাগিব, যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে বুলি স্পষ্ট কৰে।
তেওঁলোকে অসম চৰকাৰে এই বিষয়ত নিশ্চিত ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলিও কয়। ছাত্রনেতাদ্বয়ে কয় যে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰ গোস্বামীকে ধৰি কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ লগতে জুবিন গাৰ্গৰ যতনৰ সৈতে জড়িত দলটোৰ আন সদস্যসকল, ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল সদস্যই য়টত হাঁহি-খিকিন্দালি কৰি শেষ পৰিস্থিতি চাই আছিল, তেওঁলোকৰ চূড়ান্ত গাফিলতি আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে অসমৰ জনসাধাৰণে অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক হেৰুৱালে। ই এক অক্ষমণীয় অপৰাধ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ আঁৰত পৰিকল্পিত ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে তদন্ত ক্ষিপ্র, পানী নসৰকা হ'বই লাগিব, প্রকৃত সত্য অসমৰ জনসাধাৰণে জানিব লাগিব আৰু দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব বুলি তেওঁলোকে কয়। বিবৃতিটোত কোৱা হয় যে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল সদস্য য়টত আছিল আজিলৈকে অসম চৰকাৰে অসমলৈ আনিব নোৱৰাটো আশ্চৰ্যকৰ কথা। দিছপুৰ আৰু দিল্লীত ডাবল ইঞ্জিনৰ চৰকাৰ। ডাবল ইঞ্জিনৰ চৰকাৰৰ শক্তি এতিয়া ক'ত গ'ল বুলি ছাত্র সংগঠনটোৱে প্রশ্ন কৰে। ডাবল ইঞ্জিন চৰকাৰ থাকোঁতে ছিংগাপুৰৰ অসমীয়াকেইজনক অসমলৈ আনিব পাৰিব লাগিব। চৰকাৰ কঠোৰ হওক। তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰক। সহযোগ নকৰাসকলক চোঁচৰাই অনাৰ ব্যৱস্থা কৰক। তদন্তত সহযোগ নকৰাসকলক পাছপ'ৰ্ট বাতিলকে ধৰি সকলো কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আছুৱে দাবী কৰে।
আনহাতে, এই বিষয়টোত অৰ্থনৈতিক অপৰাধৰ কেইবাটাও কথাও উত্থাপিত হৈছে। প্রতিটো কথাৰ তদন্ত কৰি দোষীক শাস্তি দিব লাগিব। আনহাতে, জুবিন গাৰ্গৰ সম্পত্তিৰ বিষয়টো জুবিন গাৰ্গৰ পৰিয়ালৰ একান্ত ব্যক্তিগত বিষয়। কিন্তু ছাত্র সন্থা আৰু অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ সকলো স্থাৱৰ, অস্থাৱৰ আৰু বৌদ্ধিক সম্পত্তিৰ গৰাকী তেখেতৰ পত্নী গৰিমা গাৰ্গ আৰু পৰিয়ালবর্গ হোৱাটো বিচাৰে বুলি তেওঁলোকে কয়। আনহাতে, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাবই লাগিব বুলি স্পষ্ট কৰি তেওঁ ন্যায় নোপোৱালৈকে ছাত্র সন্থা ক্ষান্ত নহয় বুলি কয়।