ডিজিটেল ডেস্ক: ব্রহ্মপুত্ৰত বিলীন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম আৰু অস্থি। কালি পৱিত্ৰ অশোকাষ্টমীৰ পৱিত্ৰ দিনটোত গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে পৰিয়ালৰ আন-আন সদস্যসকলে উত্তৰ গুৱাহাটীস্থিত অশ্বক্লান্ত দেৱালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰত শিল্পীগৰাকীৰ শ্রাদ্ধ, পিণ্ডদান আৰু অস্থি বিসর্জন দিয়ে।
উল্লেখযোগ্য যে পৱিত্ৰ অশোকাষ্টমী তিথিত কালিৰ দিনটোত পৱিত্ৰ গংগা নদীৰ জল ব্ৰহ্মপুত্ৰ নদীত প্ৰৱাহিত হয় বুলি হিন্দু শাস্ত্রত প্রবাদ আছে। সেয়েহে, সনাতনী লোকসকলে অশ্বক্লান্ত দেৱালয়ক দ্বিতীয় গয়া তীৰ্থৰ মৰ্যাদা প্রদান কৰিছে। সেয়ে, আজি অশ্বক্লান্ত দেৱালয়ত ধর্মীয় ৰীতি-নীতি অনুসৰি জুবিন গাৰ্গৰ শ্রাদ্ধ, পিণ্ডদান আৰু অস্থি বিসর্জন কৰে শিল্পীগৰাকীৰ সহধর্মিণী গৰিমা গার্গে।
বিশিষ্ট পুৰোহিত তথা দেৱালয়খনৰ উপদেষ্টা দিলীপ শৰ্মাই পৱিত্ৰ বিষ্ণুপদত মন্ত্রোচ্চাৰণৰ মাজেৰে পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীৰ উপস্থিতিত ধর্মীয় কাম-কাজ সম্পন্ন কৰে। আনহাতে, পৱিত্ৰ তিথিত তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে অসমবাসীয়ে ন্যায় প্ৰাপ্তিৰ দাবী পুনৰ উত্থাপন কৰে। অনুষ্ঠানটো গভীৰ আধ্যাত্মিক পৰিৱেশত সম্পন্ন হয়।