ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন দাৰ অন্ত্যেষ্টিক্রিয়াস্থলী জুবিন ক্ষেত্রত অব্যাহত আছে অনুৰাগীৰ ভিৰ। ৰাজ্যখনৰ ভিন্ন ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীৰ এটাই লক্ষ্য- প্ৰাণৰ শিল্পীগৰাকীক এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ মাজতে এই অনুৰাগীসকলে মৰমৰ জুবিন গাৰ্গ অমৰ হোৱাৰ বাবে অশ্রু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ দাবী কৰে। প্রণিধানযোগ্য যে কালি পুৱাৰ পৰা নিশালৈ সমাধিস্থলীত সহস্রাধিক অনুৰাগীয়ে এগছি বন্তি প্রজ্বলনেৰে প্ৰাণৰ শিল্পীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে হাতত একোখনকৈ গামোচা, ধূপ-ধূনা জ্বলোৱাৰ লগতে নাহৰৰ পুলি অথবা শিল্পীগৰাকীৰ এখন ফটো প্রদান কৰে।
উল্লেখযোগ্য কালি দেওবাৰৰ দিনটোতে কেইবা সহস্রাধিক অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। ইয়াৰ মাজতে প্ৰখৰ ৰ'দৰ বাবে বহু ঠাইৰ অনুৰাগী জুবিন ক্ষেত্রতে অসুস্থ হৈ পৰে। প্ৰখৰ ৰ'দৰ বাবে অসুস্থ হোৱাসকলক ১০৮ সেৱাৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে, প্রশাসনে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ যি নির্দেশনা জাৰি কৰিছে, সেই নির্দেশনা জুবিন দাৰ ক্ষেত্ৰত হ'ব নালাগে বুলি একাংশই মন্তব্য কৰে। সমান্তৰালভাৱে একাংশ অনুৰাগীয়ে নিচাসক্ত অৱস্থাত জুবিন ক্ষেত্রলৈ আহি এই পৱিত্ৰ স্থান অপৱিত্ৰ কৰাৰ লগতে আৰক্ষীয়ে এনে লোকক আটক কৰিবলৈ সক্ষম হয়। আনহাতে, কালি সোণাপুৰ যুৱক সংঘৰ বিষয়ববীয়াসকলে ব্যতিক্রমীভাবে শ্রদ্ধাঞ্জলি জনায় জুবিন গাৰ্গক। তাত থকা গছসমূহত কপৌ ফুলৰ পুলি ৰোপণ কৰে। এইসমূহ ফুল ফুলি উঠিলে জুবিন ক্ষেত্ৰ জাতিষ্কাৰ হৈ পৰিব বুলিও তেওঁলোকে আশা কৰে। প্ৰকৃতিক ভাল পোৱা জুবিনক প্ৰকৃতিৰ মাজতে ৰাখিবলৈ কৰা প্ৰয়াসৰ শলাগ লৈছে অনুৰাগীসকলে।
ইপিনে, কালিৰ দিনটোত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত যথেষ্ট যান-জঁতৰ সৃষ্টি হয়। উজনি-নামনিলৈ অহা-যোৱা কৰা যান-বাহনসমূহ ৰৈ ৰৈ বহু পলমকৈ নিজৰ গন্তব্যস্থললৈ যাত্ৰা কৰে। আনহাতে, জুবিন ক্ষেত্র প্রতিদিনে পুৱাৰ ভাগত স্থানীয় পুৰুষ-মহিলাই পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্রতিজন অনুৰাগীক জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈও অনুৰোধ জনাই স্থানীয় লোকসকলে। ইয়াৰ মাজতে কালি মালয়বাৰীৰ ন-বস্তিত এজন লোকে চিপ লৈ আত্মহত্যা কৰে। মৃত লোকজনৰ জেপৰ পৰা 'জয় জুবিন দা' লিখা এখন পত্ৰ উদ্ধাৰ হয়। ইতিমধ্যে ক্ষেত্ৰীৰ আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰাত পত্ৰখনত লিখা থকা কথাখিনি পোহৰলৈ আহে। শৰৎ কলিতা নামৰ এই লোকজনে জয় জুবিন দা লিখাৰ লগতে এবিঘা মাটি জুবিন দাৰ ন্যায়ৰ বাবে দিয়া বুলি উল্লেখ আছে। জুবিনৰ গান শুনি ভাল পোৱা শৰৎ কলিতা শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু কালি ঘৰৰ পিছফালে গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। উক্ত লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। ইতিমধ্যে ক্ষেত্ৰীৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথে।