ডিজিটেল ডেস্ক : সাত সহস্রাধিক দৰ্শকৰ উপস্থিতি, দৃষ্টিনন্দন আলোকসজ্জাৰ মাজত অসমীয়া সংগীত, চলচ্চিত্র জগতৰ তাৰকা শিল্পীৰে দেওবাৰে সন্ধিয়া মুখৰ হৈ পৰিল মহানগৰীৰ খানাপাৰাৰ সুদৃশ্য জ্যোতি-বিষ্ণু কলা মন্দিৰ। উদ্দেশ্য আছিল প্রাগ চিনে এৱাৰ্ডছ-২০২৬। বর্ণাঢ্য কাৰ্যসূচীৰে জ্যোতি-বিষ্ণু প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হয় অসমীয়া চলচ্চিত্র জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সর্ববৃহৎ সম্মান 'প্রাগ চিনে এৱাৰ্ডছ'। সমগ্র অনুষ্ঠানটো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছিল।
অনুষ্ঠানৰ আৰম্ভণিৰে পৰা উপস্থিত হাজাৰ হাজাৰ ৰাইজৰ চকু সেমেকি উঠিছিল। প্ৰথমবাৰৰ বাবে সকলোৰে মৰমৰ শিল্পীগৰাকীৰ অনুপস্থিতিত আয়োজন কৰা এই জাকজমক অনুষ্ঠানটোত আৰম্ভণিৰ পৰাই আয়োজকৰ পৰা আৰম্ভ কৰি দর্শকলৈকে সকলোৰে মনত কেৱল বাজি উঠিছিল বিষাদৰ সুৰ। জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানটোত শিল্পীগৰাকীৰ জনপ্রিয় গানবোৰ যিমানেই বাজি উঠে সিমানেই সকলোৰে হৃদয়বোৰে যেন প্রিয় শিল্পীগৰাকীক বিচাৰি আকৌ এবাৰৰ বাবে হাহাকাৰ কৰি উঠে। দৰ্শকৰ আসনৰ পৰা কেৱল ভাহি আহিল 'জয় জুবিন দা' ধ্বনি। জুবিন গাৰ্গৰ ধ্বনিৰে জুবিনময় হৈ পৰিল জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ। অনুষ্ঠানৰ আৰম্ভণিৰ পৰাই দৰ্শকৰ মাজত দেখা গ'ল জুবিন গাৰ্গক বিচাৰি পোৱাৰ এক তীব্র আকুলতা। আলোকসজ্জা, নৃত্য, এৱাৰ্ড বিতৰণ সকলো চলিল। কিন্তু প্ৰতিটো নাম ঘোষণাৰ আগত, প্ৰতিটো গানৰ আৰম্ভণিতে সকলোৰে আগত ভাহি উঠিল মাত্র এখন বিশেষ মুখ, সেইখন মুখ সকলোৰে আপোন শিল্পী জুবিন গাৰ্গৰ। 'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানত তেওঁ সোঁশৰীৰে উপস্থিত নাথাকিলেও যেন জুবিন গাৰ্গৰ মায়াই গোটেই জ্যোতি-বিষ্ণু প্রেক্ষাগৃহটো আগুৰি ধৰিছিল। গোটেই সন্ধিয়াটো হৈ পৰিল কেৱল এজনৰ নামত- জুবিন গার্গ। জুবিন গাৰ্গ নাথাকিলেও যেন সমগ্র অনুষ্ঠানটোত তেখেতেই আছিল মঞ্চৰ প্ৰকৃত নায়ক।
'প্রাগ চিনে এৱাৰ্ডছ'ৰ বিশাল মঞ্চখনে পুনৰবাৰ আকৌ ক'লে যে জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ এটা অনুভৱ, এটা প্রার্থনা, অসমৰ শ্বাস-প্রশ্বাস। 'প্রাগ চিনে এৱাৰ্ডছ'ৰ বৰ্ণাঢ্য অনুষ্ঠানত চিৰসেউজ শিল্পী দ্বীপেন বৰুৱা আৰু কাশ্মীৰী শইকীয়া বৰুৱাক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়। শাৰীৰিক অসুবিধাৰ হেতু অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে কাশ্মীৰী শইকীয়া বৰুৱাৰ হৈ তেওঁৰ পুত্ৰ আৰু ভগ্নীয়ে বঁটা গ্ৰহণ কৰে। অনুষ্ঠানত বলিউডত প্রতিষ্ঠা লাভ কৰা অসমৰ সুযোগ্য সন্তান অনুৰাগ শইকীয়াক 'গ্ল'বেল আইকন বঁটা' আৰু অভিনেতা কমল লোচনক 'ইয়ং এছিভাৰ বঁটা' প্ৰদান কৰা হয়।
২০২৫ বর্ষত মুক্তিলাভ কৰা ২৫খন ছবিক অন্তর্ভুক্ত কৰি আয়োজন কৰা এইবাৰৰ 'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানত কেইবাটাও শিতানৰ বঁটাৰ বাবে জুৰিৰ বিশেষ ব'র্ডে নির্বাচন কৰি উলিওৱা বঁটাপ্রাপকসকলক বঁটা প্ৰদান কৰা হয়। তাৰ ভিতৰত 'ভাইমন দালৈ শ্রেষ্ঠ ছবিৰ বঁটা, 'কেছ টু নগেন' ছবিৰ বাবে ধনজিৎ দাসলৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা, 'ভাইমন দা' ছবিৰ বাবে বনদীপ শর্মালৈ শ্রেষ্ঠ অভিনেতাৰ বঁটা, 'মালামাল বয়জ' ছবিৰ বাবে জুনু নাথলৈ শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা, 'তাৰিখ' ছবিৰ বাবে বলোৰাম দাসলৈ শ্রেষ্ঠ সহযোগী অভিনেতাৰ বঁটা, 'ৰুদ্র' ছবিৰ বাবে অর্চিতা আগৰৱাললৈ শ্রেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হয়। আনহাতে, 'তাৰিখ' শীর্ষক ছবিৰ 'ৰৈ ৰৈ জীৱনে লয় উশাহ...' আৰু 'ভাইমন দা' ছবিৰ 'ৰ'দ ৰঙীন...' দুয়োটা গীতৰ বাবে ৰূপম ভূঞাক শ্রেষ্ঠ গায়ক আৰু ভাইমন দা ছবিৰ 'এৰা এৰি...' শীর্ষক গীতটোৰ বাবে মহালক্ষ্মী আয়াৰলৈ শ্রেষ্ঠ গায়িকাৰ সন্মান প্রদান কৰে। বিশেষকৈ এই স্মৰণীয় অনুষ্ঠানটোত 'ৰৈ ৰৈ বিনালে' ছবিখনৰ বাবে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হয় শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা। প্রিয় শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ হৈ বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাই এক শোকাকুল মুহূর্তত বঁটাটি গ্রহণ কৰি আৱেগিক হৈ পৰে।
উল্লেখযোগ্য যে 'প্রাগ চিনে এৱাৰ্ডছ'ত ভাইমন দা, ৰৈ ৰৈ বিনালে, তাৰিখ আৰু কেছ টু নগেন ছবিকেইখনে সর্বাধিক বঁটা আঁজুৰি নিবলৈ সক্ষম হয়। অনুষ্ঠানত ভাষণ প্রদান কৰি প্ৰাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে জুবিন গাৰ্গ অবিহনে অসমীয়া চিনেমা আৰু সংগীত জগত কল্পনাই কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেখেতৰ আশীৰ্বাদ আমাৰ লগত আছে বুলি কয়। তেওঁ অসমীয়া ছবিজগতৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি সদৰী কৰি অনাগত দিনত এ এম টেলিভিছনে আৰু কেইবাখনো অসমীয়া ছবি দর্শকৰ বাবে মুক্তি দিব বুলি ঘোষণা কৰে। ইফালে অনুষ্ঠানত বলিউডৰ জনপ্রিয় শিল্পী ছান আৰু মহালক্ষ্মীয়ে কেইবাটাও গীত পৰিৱেশন কৰি উপস্থিত দর্শকক মোহাচ্ছন্ন কৰি তোলে। মহালক্ষ্মী আয়াৰে জুবিন গাৰ্গৰ নিৰ্দেশনাত বিস্ময়কৰ শিল্পীগৰাকীৰ সৈতে গোৱা গীত পৰিৱেশন কৰি মুগ্ধ কৰি ৰাখে ঠাহ খোৱা প্রেক্ষাগৃহৰ দৰ্শকক। গীত পৰিৱেশনৰ মাজতে তেওঁ জুবিন গাৰ্গৰ সৈতে পাৰ কৰা মধুৰ সময়বোৰ ৰোমন্থন কৰে। জুবিন গাৰ্গৰ সৈতে গীত ৰেকৰ্ডিঙৰ সময়বোৰৰ লগতে তেওঁৰ সৈতে গীত গাবলৈ পোৱাটোও তেওঁৰ বাবে সৌভাগ্য বুলি কয়। তেনেদৰে কণ্ঠশিল্পী ছানেও জুবিন গাৰ্গক তেওঁৰ এগৰাকী ভাল বন্ধু বুলি উল্লেখ কৰি তেওঁক লগ পোৱা সময়বোৰৰ বহু স্মৃতি দৰ্শকৰ আগত প্ৰকাশ কৰাৰ লগতে জুবিন গাৰ্গৰ কণ্ঠ, ব্যক্তিত্ব আৰু আদর্শ সদায়েই মনত সজীৱ হৈ ৰ'ব বুলি মন্তব্য প্রকাশ কৰে।
অনুষ্ঠানত কেইবাগৰাকীও শিশু শিল্পীয়ে জুবিন গাৰ্গৰ বিভিন্ন গীতত নৃত্য প্রদর্শন কৰি দৰ্শকক মন্ত্রমুগ্ধ কৰি তোলে। সেইদৰে উদয় শংকৰৰ পৰিচালনাত প্রদর্শন কৰা এক বিশেষ অনুষ্ঠানে সকলোৰে হৃদয় জয় কৰে। অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলিৰে জেৰিফা ৱাহিদ, যতীন বৰাকে ধৰি কেইবাগৰাকীও শিল্পীয়ে এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰে। সমগ্র অনুষ্ঠানটোৰ আন এক বিশেষ আকর্ষণ আছিল জুবিন গাৰ্গৰ সংগীত শিল্পীসকলে জন্ম দিয়া 'যন্ত্র' বেণ্ডৰ বিশেষ অনুষ্ঠান। এই অনুষ্ঠানে উপস্থিত দর্শকক পুনৰ যেন আকৌ এবাৰ জুবিন গাৰ্গৰ অনুষ্ঠানৰ মাজলৈ ঘূৰাই নিলে। উদয়ন দুৱৰা, আইমী বৰুৱা, দীপলীনা ডেকা, মলয়া গোস্বামী, নমিতা ভট্টাচার্য আৰু নিশিতা গোস্বামীয়ে সমগ্র অনুষ্ঠানটোৰ আঁত ধৰে। বৰ্ণাঢ্য অনুষ্ঠানটোত প্রায় ৭ সহস্রাধিক দৰ্শকৰ লগতে যথেষ্টসংখ্যক শিল্পী, কলা-কুশলী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ লগতে প্ৰাগ পৰিয়ালৰ সদস্যসকলে অংশগ্রহণ কৰি সাফল্যমণ্ডিত কৰি তোলে।