তিনি মাহৰ ভিতৰত দাখিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্কঃ 'অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সম্পৰ্কীয় গোচৰৰ চার্জশ্বীট অসম আৰক্ষীয়ে তিনি মাহৰ ভিতৰত আদালতত দাখিল কৰিব।' কালি ডিব্ৰুগড়ত উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা জনায়।

মুখ্যমন্ত্রী ড° শর্মাই স্পষ্ট কৰি দিয়ে যে জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়াত ৰাইজক ন্যায় দিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। ড° শৰ্মাই কয় যে দোষীক ৰেহাই দিয়া নহ'ব। অসম আৰক্ষীয়ে এজন এজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। নিৰ্ধাৰিত সময়ত অৰ্থাৎ গোচৰ ৰুজু হোৱাৰ তিনি মাহৰ ভিতৰত অসম আৰক্ষীয়ে চার্জশ্বীট আদালতত দাখিল কৰিব। আমি অলপ ধৈর্য ধৰিবই লাগিব বুলি প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আৱেগ আৰু ন্যায় একলগ কৰিলেই অভিযুক্তই আদালতৰ পৰা ৰেহাই পাই যাব। আৱেগক আমি আৱেগৰ স্থানত ৰাখি অসম আৰক্ষীক নিজৰ পথত কাম কৰিবলৈ দিব লাগিব বুলি তেওঁ জনায়। আমি দৌৰা-দৌৰি কৰিলে নহ'ব আৰু তদন্ত প্রক্রিয়া আকাংক্ষিতভাৱে আগবাঢ়িছে বুলিও মুখ্যমন্ত্রীয়ে কয়। 

উক্ত ঘটনাৰ সাক্ষী ছিংগাপুৰৰ মানুহকেইজন নহাৰ বাবে কিছু সমস্যা হৈছে যদিও তেওঁলোকক অনাৰ ব্যৱস্থা অসম চৰকাৰে কৰি আছে বুলি জনায়। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- অসম চৰকাৰ জুবিন গাৰ্গৰ ঘটনাক লৈ ছিৰিয়াছ আৰু আমি অসমৰ ৰাইজক ন্যায় দিম। ছিংগাপুৰ পুলিচৰ পৰা সহায় বিচৰা হৈছে, ঘটনাৰ দিনা ছিংগাপুৰৰ হোটেলৰ ভিডিঅ' ফুটেজ, য়টখনৰ উক্ত অভিশপ্ত দিনটোৰ ভিডিঅ' ফুটেজ, চালকজনৰ সাক্ষ্য বিচৰা হৈছে। এইসমূহৰ বাবে তেওঁ চলিত অক্টোবৰ মাহৰ ভিতৰত নতুন দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে ফৰেনছিক ৰিপ'ৰ্ট অসম চৰকাৰক প্ৰদান কৰা বুলিও তেওঁ কয়। শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি নিশ্চিত যে জুবিন গাৰ্গক ন্যায় দিবলৈ ৰাজ্য চৰকাৰ সক্ষম হ'ব।

Share This