ডিজিটেল ডেস্কঃ অসমৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন ক্ষেত্রত এমাহ অতিক্ৰম কৰাৰ পাছতো অনুৰাগীৰ ভিৰ। উল্লেখযোগ্যযে প্রতিটো প্ৰান্তৰ চুকে-কোণে অনুৰাগীসকলে সমাধিস্থলীত উপস্থিত হৈ প্ৰাণৰ জুবিনক শ্রদ্ধাঞ্জলি জনাই দুখত ভাগি পৰা দেখা গৈছে।
এমাহ অতিক্ৰমৰ কৰাৰ পাছতো এতিয়াও নিশালৈ কেৱল অনুৰাগীয়ে মৰমৰ জুবিনে ভালপোৱা কিছুমান বস্তু আনি সমাধিস্থলীত অর্পণ কৰিছে। সঁচাকৈয়ে বহু আৱেগিক দৃশ্য জুবিন ক্ষেত্রত দেখিবলৈ পোৱা য়ায়। জাতি-ধর্ম-ভাষা নির্বিশেষে আহি প্ৰাণৰ শিল্পীগৰাকীক এগছি চাকি, মম, ধূপ জ্বলোৱাৰ লগতে গামোচা প্ৰদান কৰিছে। লগতে এখন ৰঙীন ফটো, নাহৰৰ পুলি আনি অৰ্পণ কৰিছে জুবিনৰ নামত।
ইপিনে, আন কিছুমান অনুৰাগীয়ে টুপী দান দিয়াৰ লগতে মৰমৰ জুবিনক শ্রদ্ধাঞ্জলিৰে সেৱা জনাইছে। প্রণিধানযোগ্য যে দীপাৱলীৰ এই সময়ছোৱাতো অগণন জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্রত আহি বন্তি প্রজ্বলন কৰাৰ লগতে একমুখে ন্যায় প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়।
উল্লেখযোগ্য যে সন্ধিয়া সময়ত জুবিন অনুৰাগীৰ ভিৰ যথেষ্ট পৰিমাণে বৃদ্ধি হয়। সমান্তৰালভাৱে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাও অত্যন্ত যান-জঁটৰ সৃষ্টি হয় যদিও প্রশাসন তথা যান-বাহন আৰক্ষীয়ে শৃংখলাবদ্ধভাৱে যোগাযোগ অব্যাহত ৰাখিছে।