ডিজিটেল ডেস্ক : নলবাৰীৰ গংগাপুৰত ৩১ মে'ত আৰক্ষীৰ এনকাউণ্টাৰত নিহত লাভ জেহাদী ৰ'জ আলী ওৰফে আছিফ আলীয়ে মৃদুমুদ্রা ডেকাক প্রথমতে অপহৰণৰ চেষ্টা কৰিছিল। কালি এই তথ্য লাভ কৰিব পৰা গৈছে গাঁওখনৰ একাংশ স্থানীয় যুৱকৰ পৰা। মৃদুমুদ্রা ডেকাই দক্ষিণ পকোৱা বাঁহজানী মিলন হাইস্কুলত নৱম শ্ৰেণীত অধ্যয়ন কৰা সময়ৰ পৰাই কুখ্যাত ৰ'জে দিছিল প্ৰেমৰ প্রস্তাৱ। অকল ইমানেই নহয়, মৃদুমুদ্ৰাৰ ঘৰলৈ গৈয়ো তেওঁৰ পিতৃ-মাতৃক ভাবুকি দিছিল।
মৃদুমুদ্রাই প্রেম প্রত্যাখ্যান কৰাৰ পাছতে পলুৱাই নিবলৈ বৃথা চেষ্টা অব্যাহত ৰাখিছিল ৰ'জে। ইয়াৰ পাছত দেওবাৰে বিয়লি মাধুর্য গৈছিল মৃদুমুদ্ৰাৰ ঘৰলৈ। মাধুৰ্যৰ জেঠায়েকৰ ছোৱালী মৃদুমুদ্রা। কিন্তু ৰ'জে মৃদুমুদ্ৰাৰ প্ৰেমিক বুলি সন্দেহ কৰিছিল মাধুৰ্যক। মাধুর্য আৰু মৃদুমুদ্রা সিদিনা বিয়লি পাঁচ বজাত এখন স্কুটীৰে নলবাৰীলৈ যোৱাৰ সময়তে ৰ'জে আন চাৰিজন সংগীক লগত লৈ এখন চাৰিচকীয়া বাহনেৰে পাইছাৰী কৰি আছিল। ইয়াৰে এজন সংগীৰ নাম হিতেশ আলী। এই বাহনখনেৰে দলটোৱে সিদিনা গংগাপুৰ-মুকালমুৱা-শনিৰোড পথেৰে তিনি-চাৰিবাৰ অহা-যোৱা প্ৰত্যক্ষ কৰিছিল গাঁওখনৰ দুজনমান যুৱকে। স্থানীয় লোকৰ ভাষ্য অনুসৰি সিদিনাই প্রথম পৰ্যায়ত মৃদুমুদ্ৰাক ৰ'জে অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু নির্দিষ্ট সময় পাৰ হোৱাত দলটোৱে ছত্রভংগ দিয়ে। পাছত ৰ'জে আকৌ আহি গংগাপুৰ-পামৈপাৰাত খাপ পিটে আৰু এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰে।
উল্লেখযোগ্য যে সিদিনাই মৃদুমুদ্ৰাৰ ঘৰত বিষ্ণু পাঠ আছিল। সিদিনা দুপৰীয়াই মাধুৰ্যৰ পিতৃ-মাতৃও মৃদুমুদ্ৰাৰ ঘৰলৈ গৈ বিয়লি পাঁচ বজাত চামতালৈ ৰাওনা হয়। মাধুৰ্যৰ মাতৃ দীপা বর্মনে জানিবলৈ দিয়া মতে মৃদুমুদ্রাই কিতাপ আনিবলৈ নলবাৰীলৈ একেলগে যাবলৈ মাধুৰ্যক লগ ধৰিছিল। কিন্তু মাধুৰ্য গৰমৰ প্রকোপৰ বাবে যাব বিচৰা নাছিল যদিও বিয়লি পাঁচ বজাৰ পাছত স্কুটীৰে নলবাৰীলৈ ৰাওনা হৈছিল। মন কৰিব লগীয়া যে প্রাক্তন আলফা কর্মী ঘনশ্যাম ডেকা আৰু পশু সখী জেউতি ডেকাৰ একমাত্র কন্যা সন্তান মৃদুমুদ্রা এগৰাকী মেধাবী ছাত্রী। মেট্রিক পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰ লৈ তেওঁ নলবাৰীৰ নবোদয় কেন্দ্রীয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়ন কৰি আছে।
মৃদুমুদ্রা নৃত্য, বিহু নাচ আৰু কবিতা আবৃত্তি কৰিও সুনাম অর্জন কৰিছে। ইফালে নিহত ৰ'জৰ পিতৃ ৰেকিব আলীয়ে কালি সংবাদ মাধ্যমক কয় যে নৱম শ্ৰেণীৰ পৰাই দুয়োৰে ভালপোৱা আছিল। তেওঁ কোৱা মতে, মৃদুমুদ্রাই নিজৰ পিতৃ-মাতৃৰ আগতো ৰ'জক এৰিব নোৱাৰাৰ কথা কৈছিল। কিন্তু এই কথা অস্বীকাৰ কৰি মৃদুমুদ্ৰাৰ মাতৃ জেউতি ডেকাই কয় যে আমি ইয়াৰ বাবে কেছ দিব বিচাৰিছিলোঁ। কিন্তু তেওঁক ৰ'জৰ পিতৃ-মাতৃ আহি কেছ নিদিবলৈ হাতে-ভৰিয়ে ধৰিছিল।