এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যান, মাজুলীৰ চৰাইচোঙলৈ গুগলৰ স্বীকৃতি

Dainik Janambhumi September 20, 2026

ডিজিটেল ডেস্ক: পৃথিৱীৰ আটাইতকৈ জনপ্রিয় আৰু শক্তিশালী চার্চ ইঞ্জিন গুগলে মাজুলীৰ চৰাইচোঙক এছিয়া মহাদেশৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি প্রদান কৰিছে। মাজুলী জিলাৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ অন্তর্গত ভকতি দুৱাৰ অঞ্চলত অৱস্থিত চৰাইচোং সংৰক্ষণৰ বাবে 'মাজুলীৰ সাহিত্য' নামৰ অনুষ্ঠানটোৱে ২০২৪ বৰ্ষৰ পৰা চৰাইচোং উৎসৱৰ আয়োজন কৰি আহিছে। ভকতি দুৱাৰ অঞ্চলৰ বৃহত্তৰ দেউৰী বাউণ্ডেৰী, বোকাবিল বাউণ্ডেৰী আৰু অভয়পুৰীয়া বাউণ্ডেৰীৰ মাজত অৱস্থিত চৰাইচোঙত বিভিন্ন প্রজাতিৰ দেশী-বিদেশী চৰাইৰ কলৰৱৰে মুখৰিত হৈ থাকে যদিও চৰকাৰী অমনোযোগিতাত ক্রমে ধ্বংসৰ মুখলৈ গতি কৰিছে চৰাইচোঙৰ ভৱিষ্যৎ। ফলত চৰাইচোঙৰ মাজত থকা পাঁচখনকৈ বিললৈ নামি আহিছে সংকট। 

চৰকাৰীভাৱে চৰাইচোঙৰ বুকুত খন্দা অমৃত সৰোবৰৰ পোহৰে মাজুলীৰ পক্ষীকুললৈ ভাবুকি কঢ়িয়াই অনা বুলি ক্ষোভ প্রকাশ কৰিছে চৰাইচোং উৎসৱ উদযাপন সমিতিৰ সভাপতি দুৰ্গেশ্বৰ শইকীয়াই। চৰাইচোঙত ১০৫ বিধৰো অধিক থলুৱা প্ৰজাতিৰ চৰাই থকা বুলি বিভিন্ন তথ্যত প্রকাশ। চৰাইচোং মূলতঃ এক বৃহৎ জলাহভূমি। ইতিহাস অনুসৰি ১৬৩৩ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্রতাপ সিংহই দক্ষিণপাৰৰ লগত উত্তৰপাৰৰ সংযোগ সাধন কৰিবলৈ শিৱসাগৰৰ নামদাঙৰ পৰা মাজুলীলৈ সামৰি মজবুত গড় মাৰিছিল। গড়ৰ কাম তদাৰক কৰি থাকোঁতে মাজুলীৰ বুকুত বিশাল হাবিডৰাত বিবিধ চৰাই-চিৰিকটিৰ মাতে কেইবাজনো আহোম ৰাজবিষয়াক আলোড়িত কৰি তুলিলে। বিষয়াসকলে হাবিখন চোৱা-চিতা কৰি আহোম স্বৰ্গদেউক বিষয়টো অৱগত কৰে। 

স্বৰ্গদেউ প্রতাপ সিংহই ৰাজ বিষয়াসকলৰ সৈতে বিষয়টো আলোচনা কৰি পক্ষীকুলৰ সুৰক্ষা আৰু ৰক্ষাৰ বাবে চৰাইচোঙক পক্ষী সুৰক্ষা ক্ষেত্ৰৰূপে সংৰক্ষিত ৰূপত গঢ়ি তুলিছিল। স্বর্গদেউসকলেও পৰৱৰ্তীকালত মাজুলীৰ চৰাইচোঙৰ পৰাই শেন আৰু কণুৱা চৰাই ধৰাই নি প্ৰশিক্ষণৰত চৰাইবোৰক ৰংঘৰৰ বাকৰিত যুঁজত নমাইছিল। শেন- কণুৱাৰ যুঁজ চাই স্বৰ্গদেউসকলে আনন্দ লভিছিল। এই শেনচৰাই ধৰা আৰু প্রশিক্ষণ দিয়া লোকসকলক শেনচোৱা নামেৰে জনা গৈছিল। এই ইতিহাসৰ সাক্ষী স্বৰূপে মাজুলীৰ শেনচোৱা গাঁওখনে আজিও ঐতিহ্য বহন কৰি আছে। বগলী, কণামুচৰি, ডাউক, ৰাজহাঁহ, ঘিলাহাঁহ, শৰালি, ৰঙামুৱা, জিকৰ, উকহ পানীকাউৰী, দেওহাঁহ, মইনা, শেন, কণুৱা, বনকুকুৰা, শামুকভঙা, কপৌ, ভাটো, ডৰিক, পঘুমা, হাইঠা, ভেলাচৰাই, পাটমাদৈ, ধনেশ, উলমৰা, কুৰুৱা, মাছৰোকা, বাঢ়ৈটোকা, কামচৰাই, চাকৈচকোৱা, বালিমাহী, শালিকা, ঘৰচিৰিকা আদিৰ উপৰি বহুতো দেশী-বিদেশী চৰাইৰ মিলনথলীত পৰিণত হোৱা চৰাইচোং সুৰক্ষাৰ বাবে শেহতীয়াকৈ মাজুলীৰ বিধায়ক ভুৱন গামে বিধানসভাৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকেও বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে যদিও অসম চৰকাৰৰ বন বিভাগ, পর্যটন বিভাগে এই ক্ষেত্রত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৰিছে মাজুলীৰ সাহিত্যৰ সম্পাদক গোবিন কুমাৰ খাওন্দে। শীতকালত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ সমাগম ঘটে। দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে চৰাইচোঙৰ বিনন্দীয়া ৰূপ চাবলৈ। চৰাইচোং সুৰক্ষিত হ'লে মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈ ব্যাপক পৰিৱৰ্তন আহিব বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দি কয় যে চৰাইচোং সুৰক্ষিত হ'লে অৱহেলিত উজনি মাজুলীলৈ অনেক পৰিৱৰ্তন আহিব। এটা বৃহৎ এলেকাৰে আবৃত পক্ষী উদ্যানখনত এটা সময়ত বিভিন্ন প্রজাতিৰ গছ, নল-খাগৰি, ইকৰা আদি সেউজীয়া আৱৰণ উপলব্ধ আছিল। শিয়াল, জহামাল, হেপা, নেউল, ঠেকেৰামাহী, মেচেকা, গুঁই আদি জীৱৰ বাসভূমি ঠাইখনত পৰিস্থিতিতন্ত্ৰৰ ধাৰণাও সুদৃঢ় হৈ আছিল। 

মাজুলীৰ সাহিত্য নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে চৰাইচোঙৰ ৩৯০ বছৰ পূৰ্তি উপলক্ষে চৰাইচোং উৎসৱৰ আয়োজন কৰে। য'ত পৰিৱেশ কৰ্মী পদ্মশ্রী যাদব পায়েঙক 'চৰাইচোং বঁটা' বঁটা প্ৰদান কৰি অৰণ্য মানৱগৰাকীক চৰাই চোঙৰ বেগু এম্বেছাদৰ হিচাপে মনোনীত কৰি চৰাইচোং সুৰক্ষাৰ আন্দোলন গঢ়ি তোলা হয়। স্থানীয একাংশ স্বার্থান্বেষীয়ে চৰাইচোঙৰ মাটি দখলৰ চক্ৰান্তত নামি পৰাৰ অভিযোগ উঠিছে। চৰাইচোঙৰ পুনৰুদ্ধাৰ, উন্নয়ন আৰু সম্প্ৰসাৰণে আমাৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশক পুনৰ জীৱন্ত কৰি তোলাৰ লগতে চৰাইচোং অঞ্চলক কেন্দ্ৰ কৰি উদ্যোগীতা আৰু বহনক্ষম অর্থনৈতিক কাৰ্যকলাপৰ অপাৰ সম্ভাৱনাৰো দ্বাৰ মুকলি কৰিব। এই দৃষ্টিভংগীক আগত ৰাখি স্বেচ্ছাসেৱী সংগঠন 'মাজুলীৰ সাহিত্য'ই ২০২৪ চনৰ পৰা চৰাইচোঙৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। চৰাইচোঙক এক গুৰুত্বপূৰ্ণ চৰাই-পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা আৰু ইয়াক এক বহনক্ষম চৰাই-পর্যটন উদ্যোগ হিচাপে বিকশিত কৰাৰ লক্ষ্যৰে সংগঠনটোৱে 'চৰাইচোং উৎসৱ' আয়োজন কৰি আহিছে। প্ৰকৃতিৰ মনোমোহা নৈসর্গিক পৰিৱেশৰ মাজত থকা চৰাইচোঙৰ ঐতিহ্য সজীৱ কৰি ৰাখিবলৈ মাজুলীৰ জিলা প্রশাসনেও ঠাইখন পর্যবেক্ষণ কৰি বন বিভাগৰ জৰিয়তে চৌদিশে গছপুলি ৰোপণ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছিল যদিও বর্তমান সেয়া মুখৰ কথাতে থাকিল। 

২০২৫ বৰ্ষতো চাৰি দিনীয়া কাৰ্যসূচীৰ ডিচেম্বৰ মাহত দ্বিতীয় চৰাইচোং উৎসৱৰ আয়োজন কৰা হৈছিল। এই উৎসৱত দেশী-বিদেশী পৰ্যটকৰ সমাগম হোৱাৰ লগতে চৰাইচোঙৰ বিষয়ে বহুলভাৱে প্ৰচাৰ লাভকৰে। চাৰিখনকৈ ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে ৰাজ্যখনৰ বহুকেইগৰাকী প্রকৃতিপ্রেমীয়ে আলোচক হিচাপে অংশ গ্রহণ কৰিছিল। ফলস্বৰূপে এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে চৰাইচোঙে স্বীকৃতি লাভ কৰাৰ সময়ত অসম চৰকাৰক এই বিলুপ্তপ্রায় ঐতিহ্য সুৰক্ষাৰ বাবে মাজুলীৰ সাহিত্যৰ লগতে চৰাইচোং উৎসৱ উদযাপন সমিতিয়ে আহ্বান জনাইছে। ইফালে চৰাইচোং সংৰক্ষণৰ বাবে কালি মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্রীক এই সম্পর্কে আউনীআটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক ভৱন উদ্বোধনী অনুষ্ঠানত মাজুলীৰ সাহিত্যৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।

Share This