ডিজিটেল ডেস্ক: কিংবদন্তি সংগীত শিল্পী তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষৰটো বাংলা গীত 'এত আলো থেকেও অন্ধকাৰ' ১৯ ছেপ্টেম্বৰৰ বিয়লি ৪ বজাত কলকাতাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। প্রখ্যাত সুৰকাৰ জিৎ গাংগুলীৰ সুৰত বাণীবদ্ধ কৰা এই গীতটোৰ মুকলিক কেন্দ্ৰ কৰি সমগ্র পশ্চিম বংগত আৱেগময় পৰিস্থিতি আৰু আলোড়নৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অস্বাভাৱিক মৃত্যু হৈছিল জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ। কাকতালীয়ভাৱে তেওঁৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হোৱাৰ দিনাই জুবিন-জিৎ গাংগুলী যুটিৰ একেলগে কাম কৰাৰ অন্তিমটো গীত আজি মুকলি কৰা হয়। বেংগলী চিনেমা 'সেতো আজ ও বোঝে মা'ৰ এই অপূর্ব গীতটোত কণ্ঠদান কৰিছিল জুবিন গাৰ্গে আৰু সুৰ দিছিল জিৎ গাংগুলীয়ে। নতুনকৈ মুক্তি পাবলগীয়া চিনেমাখন পৰিচালনা কৰিছে ৰণ ৰাজে আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে চোহাম চক্ৰৱৰ্তী আৰু প্ৰিয়ংকা সৰকাৰে।
কালি গীতটোৰ মুকলিৰ উপলক্ষত সুৰকাৰ জিৎ গাংগুলীয়ে কয় যে যিটো গীতৰ বাবে তেওঁলোকে বহু দিন অপেক্ষা কৰি আছিল, সেই গীতটো হৈছে তেওঁলোকৰ হৃদয়ৰ জুবিন গার্গে গোৱা অন্তিমটো বাংলা গীত। গাংগুলীয়ে কয় যে তেওঁ সঁচাকৈয়ে সৌভাগ্যবান যে তেওঁ গীতটোত সুৰ দিছিল। 'জুবিন গাৰ্গ হৈছে এটা আৱেগ', জিৎ গাংগুলীয়ে কয় যে জুবিন গাৰ্গ হৈছে বাঙালীৰ বাবে এটা আৱেগৰ সত্তা, এজন ৰক ষ্টাৰ। য'তেই নাথাকক জুবিন শান্তিৰে থাকক।
উল্লেখযোগ্য যে 'এত আলো থেকেও অন্ধকাৰ' গীতটোৰ ব্যৱস্থাপনা কৰিছে অসমৰ ৰূপ মহন্তই, গীতটোত বাঁহীবাদন কৰিছে অসমৰ ভাস্কৰে আৰু বাণীবদ্ধ কৰিছে অসমৰে মন্টুৱে। প্রখ্যাত সুৰকাৰ, গায়ক জিৎ গাংগুলীয়ে কয় যে জুবিনৰ প্ৰভাৱত তেৱোঁ এজন আধা অসমীয়া হৈ পৰিছে।