এছিয়ান চলচ্চিত্র মহোৎসৱত জিলিকিল 'আকাশ হেনো নদীৰ নাম'

dainik janambhumi January 18, 2026

ডিজিটেল ডেস্ক: বছৰটোৰ আৰম্ভণিতে অসমীয়া চিনেমাই কঢ়িয়াইছে অন্য এক আশাৰ বতৰা। মুম্বাইত অনুষ্ঠিত থার্ড আই এছিয়ান চলচ্চিত্র মহোৎসৱত জিলিকিল সঞ্জীৱ সভাপণ্ডিত পৰিচালিত 'আকাশ হেনো নদীৰ নাম'। চিনেমাখনে মুম্বাইৰ ২২সংখ্যক 'এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাৰতীয় চিনেমাৰ প্রতিযোগিতা শাখাত শ্রেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে। যোৱা ১৬ জানুৱাৰীত তেওঁক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। 

উল্লেখযোগ্য যে একেখন ছবিৰ বাবে সঞ্জীৱ সভাপণ্ডিতে অষ্টম 'শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা' অনুষ্ঠানতো শ্রেষ্ঠ চিত্রনাট্যকাৰৰ সন্মান লাভ কৰিছিল। লগতে 'আকাশ হেনো নদীৰ নাম' চিনেমাখনৰ বাবেই সৌৰভ মহন্ত আৰু বিষ্ণু খাৰঘৰীয়াই হায়দৰাবাদত অনুষ্ঠিত 'নিৰি নাইন আন্তর্জাতিক চিনেমা মহোৎসৱ'ত শ্ৰেষ্ঠ সংগীত পৰিচালক আৰু শ্রেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰে। 

বিষ্ণু খাৰঘৰীয়া, ৰীণা বৰা, অতুল পাচনি, অতনু ভূঞা আৰু চাংকু নিৰঞ্জনে অভিনয় কৰা চিনেমাখনৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ সঞ্জীৱ সভাপণ্ডিত। প্রযোজনা কৰিছে উৎপল কুমাৰ দাসে। সংগীত পৰিচালক ড° সৌৰভ মহন্ত, চিত্ৰগ্ৰহণকাৰী পৰাশৰ বৰা, শব্দযন্ত্ৰী ৰুক্মজিত বৰুৱা আৰু সম্পাদনা সৌৰভ দত্তৰ।

Share This