ডিজিটেল ডেস্ক : বিশ্বজুৰি বৃদ্ধি পাইছে চাইবাৰ আক্ৰমণৰ ঘটনা। বিশেষকৈ স্বাস্থ্য সেৱা খণ্ডত চাইবাৰ আক্ৰমণৰ ঘটনা সঘনাই হ'বলৈ ধৰিছে। চলিত বৰ্ষৰ কেৱল ছেপ্টেম্বৰ মাহতে বিশ্বৰ স্বাস্থ্য খণ্ডত ৭১৬টা চাইবাৰ আক্ৰমণ সংঘটিত হৈছে। এই আক্রমণসমূহৰ ৪১০টাই সংঘটিত হৈছে আমেৰিকাত। এই আক্ৰমণৰ জৰিয়তে হেকাৰে চিকিৎসালয়, স্বাস্থ্য প্রতিষ্ঠান, লেব'ৰেটৰীসমূহৰ কম্পিউটাৰ ব্যৱস্থা বা নেটৱৰ্ক হেক কৰি বিভিন্ন তথ্য চুৰ কৰি আহিছে।
তদুপৰি বিভিন্ন সময়ত প্রতিষ্ঠানসমূহৰ কম্পিটাৰৰ নেটৱৰ্ক ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ কৰিও ৰাখে। এই তথ্যসমূহ মুকলি অথবা ঘূৰাই দিয়াৰ বিনিময়ত হেকাৰ চক্রই মুক্তিপণ দাবী কৰাৰ বহু ঘটনা সংঘটিত হৈছে। কুৱেষ্ট ডায়েগনেষ্টিকছে প্রকাশ কৰিছে যে অলপতে কোম্পানীটোৰ কুৱানুম লেব ছার্ভিচ মেনেজাৰ ব্যৱস্থাটো হেকাৰৰ কবলত পৰে। যাৰ ফলত ব্যৱস্থাটো আকামিলা হৈ পৰে। কোম্পানীটোৱে প্ৰকাশ কৰিছে যে হেকাৰে মূলতঃ ৰোগীৰ অনলাইন ব্যৱস্থাত সংৰক্ষিত বিভিন্ন তথ্য চুৰি কৰে।
চলিত বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত বিশ্বজুৰি স্বাস্থ্য খণ্ডত ৩০৬টা চাইবাৰ আক্রমণ সংঘটিত হৈছে আৰু ইয়াৰে ১৮৫টাই আমেৰিকাৰ বিভিন্ন প্রতিষ্ঠানত সংঘটিত হোৱাৰ তথ্য প্রকাশ পাইছে। এই ঘটনাসমূহত প্রায় ৭.৬৭ কোটি লোকৰ তথ্য চুৰি হৈছে।