ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচ্চিত্র জগতখনত বিশেষভাৱে চর্চিত হোৱা ড° পাৰ্থ সাৰথি মহন্তৰ অসমীয়া চুটি ছবি 'অনসুনী চীখেঁ'ই এইবাৰ 'শ্রেষ্ঠ এছিয়ান চুটি ছবি'ৰ সন্মান অর্জন কৰিবলৈ সক্ষম হৈছে। বুধবাৰে চেন্নাইত সামৰণি পৰা 'কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ'ত ছবিখনে এই বঁটা লাভ কৰে। ড° মহন্তৰ এটি কবিতাৰ আধাৰত নিৰ্মিত ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে।
অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্রত্যাহ্বানেৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱন-যাত্ৰাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, তাৰ প্রকৃত ছবিখন ইয়াত প্রতিফলিত হৈছে।
উল্লেখযোগ্য যে ড° পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে জয়পুৰ চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইনডিপেন্ডেন্ট চলচ্চিত্র মহোৎসৱত ইতিমধ্যে 'শ্রেষ্ঠ চুটি ছবি'ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি, ছবিখন কান চলচ্চিত্র মহোৎসৱৰ 'মার্চে ডু ফিল্ম' (অনলাইন শাখা)ত প্রদর্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল।