এছ বি আইৰ ৩৮৯৭ গ্ৰাহকৰ গোপন তথ্য চুৰি

Dainik Janambhumi October 22, 2026

ডিজিটেল ডেস্ক : ষ্টেট বেংক অব্ ইণ্ডিয়াই (এছ বি আই) তেওঁলোকৰ গ্ৰাহকৰ স্পৰ্শকাতৰ তথ্য 'ডার্ক ৱেব'ত ফাদিল হোৱাৰ কথা প্রকাশ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ষ্টক এক্সচেঞ্জসমূহত বেংকটোৱে দাখিল কৰা তথ্য অনুসৰি, 'ডার্ক রেব'ত উপলব্ধ প্রায় ৩.৭৫ লাখ ৰেকৰ্ডৰ প্ৰাৰম্ভিক পৰীক্ষাত ৩৮৯৭গৰাকী গ্ৰাহকৰ ব্যক্তিগত চিনাক্তকৰণ তথ্য (পি আই আই) চাইবাৰ অপৰাধীয়ে চুৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। ফাদিল হোৱা ৰেকৰ্ডসমূহৰ ভিতৰত গ্ৰাহকৰ নাম, পঞ্জীভূত ম'বাইল নম্বৰ, জন্মৰ তাৰিখ, ই-মেইল আই ডি, ঘৰৰ ঠিকনা আৰু ঋণ সম্পর্কীয় গুৰুত্বপূৰ্ণ নথি-পত্র অন্তর্ভুক্ত আছে। 

'ডার্ক ৱেব'ত গ্রহকসকলৰ এই গুৰুত্বপূর্ণ তথ্য ফাদিল হোৱাৰ পাছত তেওঁলোকৰ ওপৰত চাইবাৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে। এছ বি আই কর্তৃপক্ষই স্পষ্ট কৰি দিছে যে এই ঘটনাৰ ফলত বেংকৰ মূল কার্যকলাপ বা বিত্তীয় কার্যক্ষমতাত কোনো ধৰণৰ প্ৰভাৱ পৰা নাই আৰু গ্ৰাহকৰ ধন সম্পূৰ্ণ সুৰক্ষিত আছে। এছ বি আয়ে যোৱা ১৬ অক্টোবৰত চৰকাৰী চাইবাৰ সুৰক্ষা সংস্থা আৰু ডিফেন্স চাইবাৰ এজেঞ্চিৰ পৰা এই ডাটা ফাদিলৰ সতর্কবাণী লাভ কৰিছিল। এছ বি আয়ে লগে লগে চাইবাৰ ঘটনা প্রশমন প্রট'কল সক্রিয় কৰে আৰু সমগ্র ঘটনাটোৰ গভীৰ তদন্তৰ বাবে এটা স্বতন্ত্র চাইবাৰ সুৰক্ষা সংস্থা চিই আৰ টি-ইনক নিযুক্তি দিছে। 

দেশৰ বিত্তীয় লেনদেনৰ বৃহৎ প্রতিষ্ঠান এছ বি আয়ে ইয়াৰ গ্রাহকসকলক বিশেষভাৱে সাৱধান হ'বলৈ পৰামৰ্শ দিছে। বেংকটোৰ কর্তৃপক্ষই কয় যে প্ৰৱঞ্চকে এছ বি আইৰ বিষয়াৰ পৰিচয় দি গ্ৰাহকৰ ব্যক্তিগত বা একাউণ্টৰ সবিশেষ বিচাৰিব পাৰে। কিন্তু প্রকৃততে বেংকে ফ'নত কেতিয়াও গোপন তথ্য নিবিচাৰে। যিকোনো পৰিস্থিতিতে গ্রাহকে কাৰো সৈতে অ'টি পি, ইউ পি আই পিন বা নেট বেংকিঙৰ পাছৱৰ্ড শ্বেয়াৰ কৰিব নালাগে। যিহেতু গ্রাহকৰ ম'বাইল নম্বৰ, ব্যক্তিগত তথ্য 'ডার্ক ৱেব'ত ফাদিল হৈছে, সেয়েহে, গ্রাহকসকল সতর্ক হৈ থকা উচিত বুলি এছ বি আইৰ কৰ্তৃপক্ষই আহ্বান জনাইছে।

Share This