সম্ভাৱনাৰ নতুন দুৱাৰ খুলিব শ্লোভেনিয়াই, ইউৰোপলৈ কাৰ্বি আংলঙৰ আদা

Dainik Janambhumi October 22, 2026

ডিজিটেল ডেস্ক : নিজস্ব গোন্ধ, ঔষধি গুণ আৰু জৈৱিক কৃষি পদ্ধতিৰ বাবে দেশৰ বজাৰত কাৰ্বি আংলং জিলাৰ আদাৰ আছে এক বিশেষ পৰিচিতি। এইবাৰ কাৰ্বি আংলঙৰ এই আদাকে আন্তর্জাতিক বজাৰলৈ ৰপ্তানি কৰাৰ এক সম্ভাৱনাৰ দ্বাৰ মুকলি হৈছে। জিলাখনৰ আদা ইউৰোপৰ বজাৰলৈ উলিয়াই নিয়াৰ ক্ষেত্রত বিশেষ ভূমিকা ল'ব পাৰে ইউৰোপৰ দেশ শ্লোভেনিয়াই। 


ভাৰতত নিযুক্ত শ্লোভেনিয়াৰ ৰাষ্ট্ৰদূত টমাজ মেনচিনে এই ক্ষেত্ৰত প্ৰকাশ কৰিছে বিশেষ আগ্রহ। চলিত বছৰৰ জানুৱাৰী মাহত অনুষ্ঠিত প্রথম 'কার্বি আংলং জিঞ্জাৰ ফেষ্টিভেল'ত অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰদূতগৰাকীয়ে। সেই অভিজ্ঞতাৰ পাছত তেওঁ কাৰ্বি আংলঙৰ কৃষি, সংস্কৃতি আৰু অর্থনীতি সম্পর্কে যথেষ্ট আগ্রহ প্রকাশ কৰে। নতুন দিল্লীত এটা ব্যক্তিগত টি ভি চেনেলৰে হোৱা সাক্ষাৎকাৰত শ্লোভেনিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে কাৰ্বি আংলঙৰ কৃষিজাত সামগ্রীক শ্লোভেনিয়া তথা ইউৰোপৰ আন দেশৰ ব্যাৱসায়িক মহলৰ সৈতে সংযুক্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। কৃষিক আধুনিক, পৰিৱেশ বান্ধৱ আৰু অৰ্থনৈতিক ভেটি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উভয় অঞ্চলৰ অভিজ্ঞতা গুৰুত্বপূৰ্ণ হ'ব পাৰে। ইউৰোপীয় ইউনিয়নৰ সদস্যৰাষ্ট্ৰ শ্লোভেনিয়াৰ জনসংখ্যা প্রায় ২০ লাখ হ'লেও ইউৰোপীয় ইউনিয়নৰ একক বজাৰৰ সুবিধা লৈ এই দেশৰ মাধ্যমেৰে ইউৰোপীয় ইউনিয়নৰ বজাৰত প্ৰৱেশৰ সুযোগ তৈয়াৰ কৰিব পাৰি। ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে কয় যে ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিয়ে কাৰ্বি আংলঙৰ দৰে অঞ্চলৰ কৃষিজাত পণ্যৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে। তেওঁৰ মতে, কার্বি আংলং অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে শ্লোভেনিয়াৰ ব্যাৱসায়িক মহলৰ সৈতে সংযোগ স্থাপনেৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিব পাৰে। 

আনহাতে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে জনায় যে আদাৰ আন্তর্জাতিক বজাৰ দখলৰ বাবে পৰিষদে ইতিমধ্যে বিভিন্ন দূতাবাস, বিনিয়োগকাৰী, বৃহৎ সংস্থা আৰু কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিছে। নতুন দিল্লীত কিছুদিন পূর্বে 'প্রি-জিঞ্জাৰ ফেষ্টিভেল-২.০' শীর্ষক অনুষ্ঠানত তেওঁ কয় যে কাৰ্বি আংলঙৰ আদাক আন্তর্জাতিক ব্লেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাই তেওঁলোকৰ উদ্দেশ্য। অতি সোনকালে ডিফুত দ্বিতীয় আদা মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলিও তেওঁ প্রকাশ কৰে। অসম চৰকাৰৰ লগত সমন্বয় ৰাখি আদাৰ বজাৰ সম্প্ৰসাৰণ কৰাৰ কাম চলি আছে বুলিও তেওঁ প্রকাশ কৰে। 


উল্লেখযোগ্য যে কার্বি আংলং জিলাৰ সিংহাসন পাহাৰ অঞ্চলত প্ৰচুৰ পৰিমাণে আদা জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হয়। জিলাখনৰ বাৰ্ষিক আদা উৎপাদন ৩০ হাজাৰ টনৰো অধিক। এই খেতিৰ সৈতে যুক্ত হৈ আছে প্রায় ১০ হাজাৰ কৃষক। নিৰ্ভৰযোগ্য ৰপ্তানি ব্যৱস্থা, প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, গুণমানৰ প্রশংসা-পত্র, উন্নত মানৰ পেকেজিং আৰু শীতল ভঁৰালৰ পৰিকাঠামো তৈয়াৰ কৰিব পাৰিলেই জিলাখনৰ আদা বিশ্বৰ উন্নত দেশসমূহলৈ ৰপ্তানি হ'বলৈ সক্ষম হ'ব বুলি কার্যবাহী সদস্যগৰাকীয়ে দাবী কৰে। এই ক্ষেত্ৰত ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰখনে প্ৰকাশ কৰা আগ্রহে তেওঁলোকৰ উদ্যোগলৈ সম্ভাৱনা কঢ়িয়াই আনিছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত মত প্রকাশ কৰে।

Share This