ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দেশক ড্রাগ্ছমুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত 'আৰক্ষী স্মৃতি দিৱস' উপলক্ষে আয়োজিত অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে সমগ্ৰ দেশৰ আৰক্ষী বাহিনীক ২০২৯ চনৰ ভিতৰত ড্ৰাগৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিবলৈ আহ্বান জনায়।
বুধবাৰে কেন্দ্ৰীয় মন্ত্রী শ্বাহে কয় যে ২০২৬ চনৰ বাকী থকা মাহকেইটাৰ লগতে ২০২৭, ২০২৮ আৰু ২০২৯ বৰ্ষক ড্রাগ্গ্ৰৰ বিৰুদ্ধে এটা ঐক্যবদ্ধ অভিযান হিচাপে উৎসর্গ কৰা হ'ব। তেওঁ সকীয়াই দিয়ে যে ড্রাগ্ছৰ প্রকোপে দেশৰ ভৱিষ্যৎ প্ৰজন্মক অন্ধকাৰৰ দিশলৈ ঠেলি দিছে। ই কেৱল অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় বৰঞ্চ দেশ-বিৰোধী কার্যকলাপত লিপ্ত থকা সংগঠনসমূহকো আর্থিকভাৱে সহায় কৰে।