দেশৰ ২৪৬টা আন্তঃগাঁথনি বীৰ শ্বহীদৰ নামত কৰিব সেনাই, ঔপনিৱেশিক শাসনৰ চিহ্ন বিলোপ কৰাৰ পদক্ষেপ

dainik janambhumi February 11, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় সেনাই ইয়াৰ সামৰিক প্রতিষ্ঠানসমূহৰ অন্তর্গত ২৪৬টা পথ, ভৱন আৰু অন্যান্য আন্তঃগাঁথনিৰ নাম বীৰ শ্বহীদসকলৰ নামেৰে নামকৰণ কৰিব। ব্ৰিটিছৰ ঔপনিৱেশিক শাসন কালৰ চিহ্নসমূহ সম্পূৰ্ণৰূপে মচি পেলোৱাৰ লগতে ভাৰতৰ বিভিন্ন যুদ্ধৰ বীৰ শ্বহীদসকলক উপযুক্ত সন্মান প্রদান কৰাৰ বাবেই এই সিদ্ধান্ত লৈছে।

বীৰ শ্বহীদ অৰুণ ক্ষেত্রপল, আব্দুল হামিদ, ধন সিং থাপা, সুন্দা সিং, পিৰু সিং আদিলৈ সন্মান জনোৱাৰ লগতে ভাৰতৰ নিজা সামৰিক ঐতিহ্য আৰু শক্তি প্ৰদৰ্শনৰ সিদ্ধান্ত লয় দেশৰ সামৰিক বাহিনীয়ে।

ঔপনিৱেশিক শাসনৰ সকলো চিহ্ন পুলিয়ে-পোখাই উঘালি পেলোৱাৰ বাবে সেনাই ১২৪টা পথ, ৭৭টা আৱাসিক অঞ্চল, ২৭টা ভৱন আৰু ১৮টা অন্যান্য সুবিধা, যেনে- উদ্যান, প্রশিক্ষণ কেন্দ্ৰ, খেলপথাৰ, গেট, হেলিপেডৰ নামো যুদ্ধ নায়কৰ নামেৰে নামকৰণৰ সিদ্ধান্ত লোৱা হৈছে।

Share This