ডিজিটেল ডেস্ক : অসমীয়া চলচ্চিত্ৰৰ বাবে পুনৰ এক গৌৰৱৰ খবৰ। ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত বিশিষ্ট অসমীয়া চলচ্চিত্র নির্মাতা মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত 'ৰূপতীৰ্থৰ যাত্রী' শীর্ষক অসমীয়া ছবিখন সন্মানীয় কলকাতা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নির্বাচিত হৈছে। অসমীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নির্মাণ কৰা হৈছে। এই কাহিনীভাগ জীৱন আৰু আদৰ্শৰ আধাৰত ছবিখন সাহিত্যিক চৈয়দ আব্দুল মালিকৰ একে নামৰ বিখ্যাত উপন্যাসখনৰ দ্বাৰা অনুপ্রাণিত। ছবিখনৰ পৰিচালনা কৰিছে প্রখ্যাত পৰিচালক মঞ্জু বৰাই আৰু ইয়াৰ প্ৰযোজনা কৰিছে এ এম টেলিভিছনে।
উল্লেখযোগ্য যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কেৱল এজন চলচ্চিত্র নির্মাতাই নাছিল, তেওঁ আছিল অসমীয়া জাতিৰ সাংস্কৃতিক জাগৰণৰ প্ৰাণপুৰুষ। নাটক, সংগীত, চলচ্চিত্র, সাহিত্য সকলো দিশতে তেওঁৰ অৱদান অতুলনীয়। প্রথম অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণ কৰি তেওঁ অসমীয়া চলচ্চিত্ৰৰ ভেটি গঢ়িছিল। কিন্তু তেওঁৰ জীৱন আছিল সংগ্রাম, ত্যাগ আৰু সৃষ্টিৰে ভৰা। সাহিত্যিক চৈয়দ আব্দুল মালিকৰ 'ৰূপতীৰ্থৰ যাত্রী' উপন্যাসখনত এই মহান ব্যক্তিগৰাকীৰ জীৱনৰ বিভিন্ন দিশ, তেওঁৰ আদৰ্শ, দেশপ্রেম, সংস্কৃতিৰ প্রতি থকা দায়বদ্ধতা অতি সজীৱভাৱে অংকন কৰা হৈছে। সেই উপন্যাসৰ আধাৰতেই 'ৰূপতীৰ্থৰ যাত্রী' ছবিখন নিৰ্মাণ কৰা হৈছে।
লক্ষণীয়ভাৱে কলকাতা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ভাৰতৰ অন্যতম সন্মানীয় আৰু প্ৰাচীন চলচ্চিত্র মহোৎসৱ। দেশ-বিদেশৰ শ্ৰেষ্ঠ ছবিসমূহ এই মহোৎসৱত প্রদর্শিত হয়। এনে এক মঞ্চলৈ অসমীয়া ছবি 'ৰূপতীৰ্থৰ যাত্রী' নির্বাচিত হোৱাটো অসমীয়া চলচ্চিত্র জগতৰ বাবে এক ডাঙৰ স্বীকৃতি বুলি বিবেচিত হৈছে।