৬ জানুৱাৰীৰ পৰা ৰাজ্যত গুণোৎসৱ

Dainik Janambhumi November 22, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে শিক্ষা বিভাগে প্রতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। কালি শিক্ষা বিভাগে আগন্তুক বৰ্ষত হ'বলগীয়া গুণোৎসৱৰ সময়সূচী পুনৰ ঘোষণা কৰিছে। অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। এইবাৰৰ গুণোৎসৱ ২০২৭ৰ (সপ্তম ৰাউণ্ড) দুটা পর্যায়ত অনুষ্ঠিত হ'ব। 

নতুন সূচী অনুসৰি ৬ জানুৱাৰীত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন হ'ব। ৭, ৮ আৰু ৯ জানুৱাৰীত প্রথম পৰ্যায়ৰ বহিঃমূল্যায়ন অনুষ্ঠিত হ'ব। এইবাৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত ২০খন জিলাক সামৰি লোৱা হ'ব। প্রথম পৰ্যায়ত বৰপেটা, বজালী, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ (ম), লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লোৱা হ'ব। আনহাতে ১৯ জানুৱাৰীত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। সূচী অনুসৰি ১৯ জানুৱাৰীত ২য় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন হ'ব। ২০, ২১ আৰু ২২ জানুৱাৰীত হ'ব বহিঃমূল্যায়ন। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত মুঠ ১৫খন জিলাক সামৰি লোৱা হ'ব। ইয়াৰ ভিতৰত বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, নগাঁও, দক্ষিণ শালমাৰা মানকাচৰ, শ্রীভূমি, তামুলপুৰ আৰু ওদালগুৰি জিলা আছে। 

লক্ষণীয়ভাৱে এইবাৰ বজালী আৰু তামুলপুৰ জিলাৰ গুণোৎসৱ ক্ৰমে বজালী আৰু বাক্সা জিলাই অনুষ্ঠিত কৰিব। প্রণিধানযোগ্য যে শিক্ষা বিভাগে পূর্বে এই গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰি যোৱা ১৯ ছেপ্টেম্বৰত জাননীও জাৰি কৰিছিল। পূৰ্বৰ জাননী অনুসৰি ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা আছিল। সেই অনুসৰি অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ, ১৯ জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ আৰু ২ ফেব্ৰুৱাৰীৰ পৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ হোৱাৰ কথা আছিল। আনহাতে পূৰ্বৰ সিদ্ধান্ত অনুসৰি প্ৰথম পৰ্যায়ত ১৩ খন, দ্বিতীয় পৰ্যায়ত ১২ খন আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱত ১০ খন জিলাক সামৰি লোৱাৰ কথা আছিল।

Share This