'দৈনিক জনমভূমি'ৰ জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি দত্তক 'সংবাদ সৌৰভ' বঁটা প্রদান

Dainik Janambhumi November 22, 2026

ডিজিটেল ডেস্ক : সাংবাদিকসকলৰ ঐক্য, অধিকাৰ, মর্যাদা আৰু পেছাগত নিৰাপত্তা সু-নিশ্চিত কৰাৰ লক্ষ্যৰে গঠিত সদৌ অসম সাংবাদিক সন্থা হৈছে ৰাজ্যখনৰ সাংবাদিকসকলৰ এক উমৈহতীয়া সংগঠন। সাংবাদিকতাৰ নৈতিক মূল্যবোধ ৰক্ষা, সংবাদকর্মীসকলৰ পেছাগত সমস্যা আৰু দাবীসমূহ উত্থাপন, সাংবাদিকসকলৰ মাজত ঐক্য-সংহতি গঢ়ি তোলা তথা সংবাদ মাধ্যমৰ স্বাধীনতা আৰু দায়বদ্ধতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সন্থাই কাম কৰি আহিছে। 

সাংবাদিকতা কেৱল বাতৰি সংগ্ৰহ আৰু প্ৰকাশৰ মাজতে সীমাবদ্ধ নহয়; সত্য উদ্‌ঘাটন, জনসাধাৰণৰ কণ্ঠস্বৰক উপযুক্ত মঞ্চ প্ৰদান আৰু সমাজৰ প্ৰতি দায়বদ্ধতা পালন কৰাও সাংবাদিকতাৰ অন্যতম মূল উদ্দেশ্য। এই আদৰ্শ আৰু লক্ষ্যক আগত ৰাখি সদৌ অসম সাংবাদিক সন্থাই ৰাজ্যৰ সাংবাদিকসকলক একত্ৰিত কৰি সাংগঠনিক কার্যকলাপ অব্যাহত ৰাখিছে। এই উদ্দেশ্যক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সভা, বঁটা প্রদান আৰু সম্বর্ধনা অনুষ্ঠান কালি ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত শিলপোতা ভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। সমগ্র অনুষ্ঠানটোৰ আঁত ধৰে গৌতম গগৈয়ে। সভাত সভাপতিত্ব কৰে আজুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰণৱজিত বৰাই। বিশিষ্ট শিক্ষাবিদ ড° ৰুণুমা শৰ্মাই বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হিৰণ্য কৌশিক বৰাই। 

অনুষ্ঠানত সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ সুদীর্ঘ ৩০ বছৰ ধৰি নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে দৈনিক জনমভূমি কাকতৰ ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি দত্তক 'সংবাদ সৌৰভ বঁটা' প্ৰদান কৰা হয়। আনহাতে, সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান আৰু সামাজিক দায়বদ্ধতাৰ স্বীকৃতি স্বৰূপে কুশল কোঁৱৰক 'সমাজ হিতৈষী বঁটা' প্রদান কৰা হয়। ইয়াৰ উপৰি, নিউজ লাইভৰ ডিব্ৰুগড়ৰ ব্যুৰ' চীফ তথা সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি সূৰৰ্য দত্ত আৰু সন্থাৰ সহকাৰী সম্পাদক ভুৱন শইকীয়াক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়। সংবাদ জগতলৈ নিষ্ঠা আৰু দায়বদ্ধতাৰে অৱদান আগবঢ়োৱা প্রায় পঞ্চাশগৰাকীৰো অধিক সাংবাদিক আৰু ফটো সাংবাদিকক অনুষ্ঠানটোত সম্বর্ধনা জনোৱা হয়। একেদৰে সমাজ জীৱন, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা আন প্রায় পঞ্চাশগৰাকীৰো অধিক বিশিষ্ট ব্যক্তিকো সম্বর্ধনা জ্ঞাপন কৰা হয়। এনেদৰে অনুষ্ঠানটোত সাংবাদিকতা, সমাজ সেৱা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্রলৈ অৱদান আগবঢ়োৱা শতাধিক ব্যক্তিক সন্মানিত কৰা হয়। 

বঁটা গ্রহণ কৰি মানস জ্যোতি দত্তই সাংবাদিকতা জীৱনৰ সুদীর্ঘ ৩০ বছৰৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি এই স্বীকৃতিৰ বাবে সন্থাৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। জাতিৰ আৱেগ দৈনিক জনমভূমি কাকতৰ দৰে আগশাৰীৰ কাকত এখনৰ প্ৰতিনিধি হিচাপে কৰ্মৰত হৈ গৌৰৱ অনুভৱ কৰাৰ কথা তেওঁ ভাষণত উল্লেখ কৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিনিধি হিচাপে বিগত বর্ষসমূহত সামাজিক দায়বদ্ধতাৰে কাম-কাজ কৰাৰ অভিজ্ঞতা অৰ্জন কৰাৰ কথা উল্লেখ কৰে। দশক পূৰ্বৰ সীমিত সুবিধাৰ সাংবাদিকতা আৰু আজিৰ কৃত্রিম বুদ্ধিমত্তাৰ সুবিধাৰ সাংবাদিকতাৰ পথাৰখনৰ ওপৰত তেওঁ আলোকপাত কৰে। 

আনহাতে, কুশল কোঁৱৰে সমাজৰ প্ৰতি থকা দায়িত্ববোধ, সামাজিক কাম-কাজত সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ কথা নিজৰ বক্তব্যত উল্লেখ কৰে। অনুষ্ঠানত বক্তব্য প্রদান কৰি বিশিষ্ট শিক্ষাবিদ ড° ৰুণুমা শর্মাই কয় যে সত্যনিষ্ঠা আৰু নিৰপেক্ষতা বজাই ৰখাটোৱেই এগৰাকী সাংবাদিকৰ অন্যতম প্রধান দায়িত্ব। তথ্যৰ সত্যতা পৰীক্ষা নকৰাকৈ কোনো বাতৰি প্ৰকাশ বা প্ৰচাৰ কৰিলে সমাজলৈ ব্যাপক ক্ষতি হ'ব পাৰে। মিছা বাতৰিয়ে সমাজত বিভ্রান্তি, ভুল বুজাবুজি আৰু অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে, প্ৰতিগৰাকী সাংবাদিকেই সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত সততা, নিষ্ঠা আৰু দায়বদ্ধতাক সর্বাধিক গুৰুত্ব দিব লাগে বুলি তেওঁ মত প্রকাশ কৰে। সূৰষ দত্তই নিজৰ বক্তব্যত সাংবাদিকসকলৰ মাজত ঐক্য, সহযোগিতা আৰু পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিকসকলৰ পেছাগত সমস্যা, মর্যাদা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সাংবাদিক সন্থাৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নতুন সমিতিয়ে সকলোকে সামৰি লৈ সংগঠনটোক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্রকাশ কৰে। আনহাতে, ভুৱন শইকীয়াই সাংবাদিকতাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে সংগঠনৰ কাম-কাজত সকলো সংবাদকর্মীৰ সক্রিয় সহযোগিতা আৰু অংশগ্ৰহণৰ আহ্বান জনায়। নতুন প্ৰজন্মৰ সাংবাদিকসকলক উৎসাহিত কৰি এক সুস্থ, দায়বদ্ধ আৰু ঐক্যবদ্ধ সাংবাদিক সমাজ গঢ়ি তোলাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সভাত অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ সভাপতি নিৰ্মল কুমাৰ শীল, সদৌ অসম টাই আহোম যুৱ পৰিষদৰ সভাপতি ৰাণা ৰঞ্জন গগৈ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়া, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকুমাৰকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি আৰু প্রায় এশগৰাকী সাংবাদিক তথা ফটো সাংবাদিক উপস্থিত থাকে। 

কালিৰ সাধাৰণ সভাত সন্থাৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ৫১জনীয়া নতুন ডিব্ৰুগড় জিলা সমিতি গঠন কৰা হয়। নতুন সমিতিৰ সভাপতি হিচাপে হিৰণ্য কৌশিক বৰা, কাৰ্যকৰী সভাপতি হিচাপে প্ৰণৱজিত বৰা আৰু সাধাৰণ সম্পাদক হিচাপে গৌতম গগৈ নির্বাচিত হয়। উপদেষ্টা হিচাপে সূৰ্য দত্ত আৰু কুশল কোঁৱৰক নিৰ্বাচিত কৰা হয়। নতুনকৈ দায়িত্ব গ্রহণ কৰি গৌতম গগৈয়ে নিজৰ বক্তব্যত সন্থাৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে সাংবাদিকসকলৰ ঐক্য আৰু সহযোগিতাৰে সংগঠনটোক অধিক শক্তিশালী কৰি তোলাৰ সংকল্প ব্যক্ত কৰে। সাংবাদিকতাৰ মৰ্যাদা, সততা আৰু নৈতিকতা অক্ষুণ্ণ ৰখাৰ লগতে সংবাদকর্মীসকলৰ সমস্যা, অধিকাৰ আৰু পেছাগত নিৰাপত্তাৰ প্ৰশ্নত সন্থাই সদায় মাত মাতি যাব বুলি তেওঁ উল্লেখ কৰে। নতুন দায়িত্বক কেৱল পদবী হিচাপে নহয়, এক গুৰুত্বপূর্ণ সাংগঠনিক দায়িত্ব আৰু সেৱাৰ সুযোগ হিচাপে গ্রহণ কৰা বুলি উল্লেখ কৰি সকলোৰে সহযোগিতা আৰু পৰামৰ্শৰে ডিব্ৰুগড় জিলা সমিতিক আগুৱাই নিয়াৰ প্রতিশ্রুতি দিয়ে। লগতে জ্যেষ্ঠ সাংবাদিকসকলৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ উদ্যমক একত্ৰিত কৰি এক শক্তিশালী, দায়বদ্ধ আৰু ঐক্যবদ্ধ সাংবাদিক সমাজ গঢ়ি তোলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি আৰু সাংবাদিকসকলে সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক কার্যকলাপৰ শলাগ লোৱাৰ লগতে নতুন সমিতিৰ নেতৃত্বত ডিব্রুগড় জিলাৰ সাংবাদিকসকলৰ ঐক্য, পেছাগত নিৰাপত্তা, মর্যাদা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সন্থাই অধিক সক্রিয় ভূমিকা গ্রহণ কৰিব বুলি আশা প্রকাশ কৰে। অনুষ্ঠানৰ সামৰণিত সমগ্র অনুষ্ঠানটোৰ আঁত ধৰোঁতা গৌতম গগৈয়ে শলাগৰ শৰাই আগবঢ়াই বঁটা আৰু সম্বর্ধনা গ্রহণ কৰা ব্যক্তিসকল,আমন্ত্রিত অতিথি, বিভিন্ন দল-সংগঠনৰ প্রতিনিধি, সাংবাদিক, ফটো সাংবাদিক আৰু উপস্থিত সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Share This