নিশা যাত্ৰা কৰোতে সাৱধান! আগন্তুক ৪ টা দিনত ঘন কুঁৱলীয়ে আৱৰিব অসম 

Kakali Deka December 27, 2023

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত অসমৰ ভিন্ন প্ৰান্তৰক ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰাটো নিত্যান্তই প্ৰয়োজন। বিশেষকৈ নিশা বা কাহিলী পুৱা যান-বাহনেৰে এঠাইৰ পৰা আন এঠাইলৈ যাত্ৰা কৰাৰ পূৰ্বে এই সময়ছোৱাত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। অত্যন্ত জৰুৰী নহ'লে এই সময়ছোৱাত যাত্ৰা নকৰাই মংগল।  

ডিচেম্বৰ, জানুৱাৰী মাহত ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা বেছিকৈ সংঘটিত হয়। শেহতীয়াকৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এক সতৰ্কবাণীত উল্লেখ কৰিছে আগন্তুক ৪ টা দিনত ৰাজ্যৰ ২০ খনকৈ জিলা ঘন কুঁৱলীৰ কৱলত পৰিব। কোনো কোনো জিলাৰ সৰ্বনিম্ন তাপমাত্ৰা ৭ ৰ পৰা ৯ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হ্ৰাস পাব।

ইফালে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত বায়ু প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে। ১ জানুৱাৰীলৈকে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা ২৫ৰ পৰা ২৭ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১২ৰ ১৪ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত থাকিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে।

বতৰ বিজ্ঞান কেন্দ্রই জনোৱা মতে বাংলাদেশৰ পূব প্রান্তত আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ওপৰত বলি থকা ঘূর্ণী বতাহ, সেই অঞ্চলৰ সমুদ্রপৃষ্ঠৰ পৰা ১ দশমিক ৫ৰ পৰা ৩ দশমিক ১ কিলোমিটাৰ ওপৰত অবস্থান কৰিছে। যাৰ বাবে যোৱা ২৪ ঘণ্টাত ধুবুৰীত ৩ দশমিক ৪ মিলিমিটাৰ আৰু কাছাৰত ৩ মিলিমিটাৰ বৰষুণ হৈছে।

আনহাতে তিনিচুকীয়াত সর্বনিম্ন তাপমাত্রা ৭ ডিগ্রী ছেলছিয়াছলৈ হ্রাস পাইছে। ঘন কুঁৱলীৰ বাবে স্বাভাবিক জীৱন যাত্ৰাত সমস্যাৰ সৃষ্টি হৈছে। এনে সময়ত যান-বাহনৰ দুর্ঘটনা বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে। গতিকে সকলোকে সাৱধান হৈ থাকিবলৈ জনোৱা হৈছে আহ্বান।

Share This