'ভাৰত টেক্সী এপ' আনুষ্ঠানিকভাৱে মুকলি, দেশৰ প্ৰথম সমবায় ভিত্তিক টেক্সী সেৱা

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক : দেশৰ প্ৰথমটো সমবায় ভিত্তিক টেক্সী সেৱা ভাৰত টেক্সী এপ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সমবায় মন্ত্ৰ্যালয়ে মুকলি কৰা এই এপে প্রত্যক্ষভাৱে ওলা, উবেৰ, ৰেপিড'ৰ দৰে ব্যক্তিগতখণ্ডৰ টেক্সী সেৱা কোম্পানীসমূহৰ একচেটিয়া ব্যৱসায়ক প্রত্যাহ্বান জনাব। কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে বিজ্ঞান ভৱনত ভাৰত টেক্সী আনুষ্ঠানিকভাৱে মুকলি কৰে। 

ভাৰত টেক্সী সম্পূর্ণৰূপে স্বদেশী টেক্সী সেৱা। ভাৰত টেক্সীয়ে ওলা, উবেৰ আৰু ৰেপিড'ক প্রত্যাহ্বান জনাব আৰু ইয়াৰ দ্বাৰা সাধাৰণ গ্রাহক লাভৱান হ'ব। ড্রাইভাৰ-মালিকীস্বত্ব মডেলক ভিত্তি কৰা ভাৰত টেক্সী এপে কমিছনমুক্ত সেৱা আগবঢ়াব আৰু কেব চালকে তেওঁলোকৰ প্ৰাপ্য ধন সম্পূৰ্ণৰূপে লাভ কৰিব। ইয়াৰ ভাৰা আন কেবৰ সৈতে সমান হ'ব বুলিও কোৱা হৈছে। 

ভাৰত টেক্সীয়ে ওলা, উবেৰৰ দৰে টেক্সী সেৱাক ভাৰা হ্ৰাস কৰিবলৈ বাধ্য কৰোৱাৰ সম্ভাৱনাও আছে। ভাৰত টেক্সীৰ মুখ্য কাৰ্যবাহী বিষয়া বিবেক পাণ্ডেয়ই কয় যে প্রথম অৱস্থাত গাড়ী চালকে কোনো ধৰণৰ মাচুল দিব নালাগে, কিন্তু পাছলৈ প্রতিদিনে ২৫-৩০ টকা দিবলগীয়া হ'ব পাৰে।

Share This