মহিলা টি-২০ বিশ্বকাপ পাকিস্তানত

Dainik Janambhumi October 25, 2026

ডিজিটেল ডেস্ক : পাকিস্তানত ২০২৮ চনত মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ বাবে পাকিস্তানে আয়োজকৰ দায়িত্ব লাভ কৰা প্ৰতিযোগিতাখন ২০২৮ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব। প্রতিযোগিতাত ১২টা দলে অংশগ্রহণ কৰিব। পাকিস্তানে প্রতিযোগিতাৰ অধিকাংশ মেচ নিজৰ দেশত অনুষ্ঠিত হোৱাটো বিচাৰিছে। 

ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থান সংযুক্ত আৰব আমিৰাটত (ইউ এ ই) অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভাৰতীয় মহিলা দলটোৰ খেলসমূহৰ স্থান সম্পর্কে চূড়ান্ত সিদ্ধান্ত ল'ব আই চি চিয়ে। 

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত দীর্ঘদিন ধৰি উত্তেজনাই বিৰাজ কৰি আছে। এনে অৱস্থাত ভাৰতে পাকিস্তানত নেখেলাৰ সিদ্ধান্ত লয়। সেয়েহে ভাৰত বা পাকিস্তানে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাসমূহ 'হাইব্রিড মডেল'ত অনুষ্ঠিত হয় আৰু দুয়োখন দেশৰ খেলসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰোৱা হয়।

Share This