মেছিলৈ স্পেইনৰ সৰ্বোচ্চ ক্রীড়া সন্মান

Dainik Janambhumi October 25, 2026

ডিজিটেল ডেস্ক : আর্জেন্টিনাৰ প্ৰখ্যাত ফুটবলাৰ লিয়'নেল মেছিক ইয়াত অনুষ্ঠিত এখন সমাৰোহত স্পেইনৰ ৰাজপাটৰ পৰৱৰ্তী উত্তৰাধিকাৰী ৰাজকুমাৰী লিয়'ন'ৰে দেশখনৰ সর্বোচ্চ ক্রীড়া সন্মান 'প্রিন্সেজ অব্ অষ্টুৰিয়াছ'ৰে সন্মানিত কৰে। তেওঁক যোৱা জুন মাহত এই বঁটাৰ বাবে বাছনি কৰা হৈছিল আৰু তেতিয়া বঁটাৰ বিচাৰকমণ্ডলীয়ে মেছিক ইতিহাসৰ অন্যতম সফল খেলুৱৈ বুলি অভিহিত কৰিছিল। 

আঠবাৰ বেলন ডী'য়ৰ জয় কৰা মেছিয়ে ফিফা বিশ্ব কাপকে ধৰি কেইবাটাও খিতাপ জয় কৰিছে। তেওঁ খেলপথাৰত সফলতাৰ লগতে শিশুৰ স্বাস্থ্য সেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হয় বুলি লগতে কোৱা হৈছে। 

মেছিক এই বঁটা প্রদান কৰি ৰাজকুমাৰী লিয়'ন'ৰে তেওঁৰ কেৰিয়াৰক প্ৰশংসা কৰে। ৰাজকুমাৰীয়ে কয় যে মেছিয়ে খেলক বুজি লৈ মাত্ৰ কেইমুহূৰ্তমানৰ ভিতৰত আটাইতকৈ প্ৰভাৱশালী সিদ্ধান্ত লোৱাৰ নিজৰ দক্ষতাৰে অসাধাৰণৰ প্ৰদৰ্শনক নিয়মীয়া সফলতালৈ সলনি কৰে।

Share This