ইউৰোপলৈ দ্বিতীয় সর্বাধিক অস্ত্র-শস্ত্র যোগান ভাৰতৰ

Dainik Janambhumi October 25, 2026

ডিজিটেল ডেস্ক : ইউৰোপৰ দেশসমূহলৈ দ্বিতীয় সর্বাধিক অস্ত্র-শস্ত্র যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা ইউৰোপীয় দেশসমূহলৈ ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি অভূতপূর্বভাৱে ১৬০০ শতাংশ বৃদ্ধি পাইছে। 'ট্রেড ডাটা মনিটৰ'ৰ শেহতীয়া প্রতিবেদন অনুসৰি, যুদ্ধ আৰম্ভ হোৱাৰ পৰা ভাৰতে পূব আৰু মধ্য ইউৰোপৰ দেশসমূহলৈ ৮,২৭১ কোটি টকাৰ (৮৭২ নিযুত ডলাৰ) মূল্যৰ অস্ত্র-শস্ত্র, গোলা-বাৰুদ আদি যোগান ধৰিছে। 

যুদ্ধৰ পূৰ্বৱৰ্তী চাৰি বছৰত এই প্ৰতিৰক্ষা ৰপ্তানি আছিল মাত্র ৪৯.২ নিযুত ডলাৰ। চাৰি বছৰৰ পূৰ্বে ইউৰোপলৈ অস্ত্র যোগানকাৰীৰ তালিকাত ভাৰত ২৮ নম্বৰ স্থানত আছিল। কিন্তু বৰ্তমান দক্ষিণ কোৰিয়াৰ পাছত ভাৰত দ্বিতীয় বৃহত্তম অস্ত্র-শস্ত্র যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। চলিত বৰ্ষত ভাৰতৰ সামগ্রিক প্ৰতিৰক্ষা ৰপ্তানি সৰ্বকালৰ সৰ্বোচ্চ ৩৮,৪২৪ কোটি টকালৈ বৃদ্ধি পাইছে। 

ভাৰতে ইয়াৰ প্ৰতিৰক্ষা উদ্যোগ শক্তিশালী কৰাৰ সময়তে লণ্ডনস্থিত কিংছ কলেজৰ ৰাজনীতি বিজ্ঞানী ৱাল্টাৰ লাডউইগে কয় যে পোনপটীয়াকৈ ইউক্রেইনলৈ অস্ত্র যোগান ধৰাৰ পৰিৱৰ্তে ভাৰতে ইউৰোপীয় দেশবোৰলৈ অস্ত্র-শস্ত্ৰ ৰপ্তানি বৃদ্ধি কৰিছে। ভাৰতীয় প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীবোৰে ইউৰোপ আৰু ইউক্রেইনৰ মিত্ৰ দেশবোৰলৈ অস্ত্ৰ যোগান ধৰাৰ লগতে পশ্চিম এছিয়াত এটা বৃহৎ পৰিসৰত ইজৰাইলকো সামৰিক সহযোগিতা কৰিছে। যোৱা দুটা বছৰত ভাৰতে ইজৰাইলক প্রায় ৬৩০ কোটি টকাৰ অস্ত্র-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী যোগান ধৰিছে।

Share This