১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি

dainik janambhumi September 12, 2025

ডিজিটেল ডেস্কঃ ইউনিফাইড পে'মেন্টছ ইণ্টাৰফেচ (ইউ পি আই) পদ্ধতি ব্যৱহাৰ কৰি এতিয়া গ্রাহকে অধিক ধনৰ লেনদেন কৰিব পাৰিব। ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউ পি আইৰ জৰিয়তে ধনৰ দৈনিক লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। ধন পৰিশোধৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি এতিয়া ব্যৱাহৰকাৰীয়ে বৃহৎ পৰিমাণৰ ধন ইউ পি আইৰ জৰিয়তে লেনদেন কৰিব পাৰিব।

বীমা প্রিমিয়াম, ট্রেভেল কেপিটেল মার্কেট পেমেণ্টছ আদিৰ দৰে শ্ৰেণীত ২৪ ঘণ্টাত ১০ লাখ টকা লেনদেন কৰিব পাৰিব ইউ পি আইৰ জৰিয়তে। তদুপৰি, ক্রেডিট কার্ড পে'মেণ্টছ আৰু জুৱেলাৰী ক্ৰয়ত ৬ লাখ টকা লেনদেন কৰিব পাৰিব। এই সংশোধিত লেনদেনৰ সীমা শ্বেয়াৰ কৰিছে ভাৰত ইণ্টাৰফেচ ফৰ মানিয়ে (বি এইচ আই এম)।

Share This