অৰুণাচলৰ প্ৰথম মহিলা আই পি এছ

dainik janambhumi October 30, 2025

ডিজিটেল ডেস্কঃ ভাৰতীয় আৰক্ষী সেৱাত (আই পি এছ) অৰুণাচলৰ পৰা যোগদান কৰা প্ৰথম মহিলাৰূপে টেনজিন য়াংকিয়ে ইতিহাস ৰচনা কৰিলে। তেওঁৰ সফলতাই সমগ্র দেশৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে তেওঁ প্রশংসা লাভ কৰিছে। এইসকলৰ মাজত উদ্যোগপতি আনন্দ মহিন্দ্রায়ো সামাজিক মাধ্যমত য়াংকিৰ কাহিনী জনাই তেওঁৰ বাবে প্রশংসাসূচক বাৰ্তা প্ৰেৰণ কৰে।

সামাজিক মাধ্যম এক্সত মহিন্দ্ৰাই য়াংকিৰ এই প্ৰেৰণাদায়ক যাত্ৰাত আলোকপাত কৰি তেওঁক 'এগৰাকী পণ্ডিত, এগৰাকী অসামৰিক সেৱাৰ সেৱিকা আৰু এতিয়া আই পি এছ' বুলি কয়।

মহিন্দ্ৰাই আৰু কয়, 'প্রথম হোৱাটো সহজ নহয়। ইয়াৰ অৰ্থ আপুনি অকলেই প্রথম খোজ দিছে, যাতে আনসকলে এদিন আপোনাৰ পিছে পিছে খোজ দিব পাৰে।' মহিন্দ্রাই আনসকলক অকলে থিয় দিবৰ বাবে ভয় নকৰিবলৈ কয়।

Share This