গাজাত হ'ব যুদ্ধ-বিৰতি, অচিৰেই আলোচনা

dainik janambhumi September 09, 2025

ডিজিটেল ডেস্কঃ ইজৰাইলে গাজাত যুদ্ধ-বিৰতিৰ বাবে আমেৰিকাই দিয়া প্রস্তাৱ গুৰুত্বসহকাৰে বিবেচনা কৰি মানি লৈছে আৰু ইয়াৰ ফলত ইজৰাইলী পণবন্দীসকলৰ মুক্তি নিশ্চিত হ'ব বুলি আশা কৰা হৈছে। ইজৰাইলৰ বিদেশ মন্ত্রী গিদেয়ন ছাৰে সোমবাৰে এই ঘোষণা কৰে। উচ্চস্তৰীয় সূত্ৰৰ তথ্য অনুসৰি যোৱা সপ্তাহৰ শেষৰ ফালে হামাছক এই সন্দৰ্ভত পৰিকল্পনা দাখিল কৰা হৈছিল আৰু এয়া আছিল মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্রস্তাব। 

প্রস্তাব অনুসৰি গাজাত পণবন্দী হৈ থকা ৪৮জন লোকক চুক্তিৰ প্রথম দিনাই হাজাৰ হাজাৰ পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুকলি কৰি দিয়া হ'ব। ইয়াৰ পাছতে ড'নাল্ড ট্রাম্পৰ মধ্যস্থতাত যুদ্ধৰ অন্ত পেলাৱাৰ বাবে আলোচনা প্রক্রিয়া  আৰম্ভ হ'ব। আলোচনা চলি থকাৰ সময়ত যুদ্ধ-বিৰতি অব্যাহত থাকিব। 

ইফালে, হামাছে দেওবাৰে জাৰি কৰা এটা বিবৃতিত প্রকাশ কৰা মতে সংগঠনটোৱে আমেৰিকাৰ পৰা এই সন্দৰ্ভত কেইটাবাও প্রস্তাব লাভ কৰিছে আৰু যুদ্ধৰ অন্ত পেলাৱাৰ বাবে স্পষ্ট ঘোষণা আৰু নিশ্চিতিৰ বিনিময়ত সকলো বন্দীক মুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ সাজু হৈছে। 

আনহাতে, সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ইজৰাইলীসকলে তেওঁৰ প্রস্তাৱ মানি লৈছে আৰু হামাছৰ বাবে এই প্রস্তাব মানি লোৱাৰ সময় সমাগত। এই প্রস্তাৱ অস্বীকাৰ কৰিলে পৰিণাম ভুগিব লাগিব বুলিও ট্রম্পে সকীয়াই দিয়ে। অৱশ্যে, এতিয়ালৈ যুদ্ধ-বিৰতিৰ চৰ্তসমূহ সম্পূর্ণরূপে হোৱাইট হাউছে ৰাজহুৱা কৰা নাই। প্রণিধানযোগ্য যে ড'নাল্ড ট্রাম্পে হামাছলৈ এয়া তেওঁৰ শেষৰটো সতর্কবাণী বুলি প্রকাশ কৰিছে।

Share This