ডিজিটেল ডেস্ক : ২০২৭ চনত দেশৰ প্ৰথমখন বুলেট ট্ৰেইনৰ চলাচল আৰম্ভ হ'ব। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে প্ৰকাশ কৰা মতে, অহা বৰ্ষৰ শেষৰ ফালে (অন্তিম ত্রৈমাসিক) ভাৰতৰ প্ৰথমখন দ্রুতগতিৰ ৰে'ল, 'বুলেট ট্রেইন'ৰ সেৱা মুকলি কৰা হ'ব। মুম্বাই-আহমেদাবাদ ৰে'ল কৰিড'ৰৰ অন্তৰ্গত গুজৰাটৰ চুৰাটৰ পৰা ভাপী অংশটো প্রথমে যাত্ৰীৰ বাবে মুকলি কৰা হ'ব। ইয়াৰ পাছত পর্যায়ক্রমে মুম্বাইলৈকে ৫০৮ কিল'মিটাৰজোৰা সম্পূৰ্ণ ৰে'লপথ কার্যক্ষম কৰি তোলা হ'ব। ২০২৭ চনৰ মাজভাগত ট্রেকত দ্রুতগতিৰ ৰে'লখনৰ পৰীক্ষামূলক চলাচল কৰোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে ভাৰততে নির্মিত এই 'বি২৮' বুলেট ট্রেইনখন প্রতি ঘণ্টাত ২৮০ কিল'মিটাৰ গতিবেগত চলিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ঘণ্টাত ৩৫০ কিল'মিটাৰ বেগসম্পন্ন বি৩৫' বুলেট ট্রেইন নির্মাণৰ পৰিকল্পনা কৰিছে ভাৰতে।