ডিজিটেল ডেস্ক: শিশু মন সদায়েই কৌতূহলী। কিবা এটা দেখিলে তাৰ বিষয়ে জনাৰ আগ্রহ প্রকাশ কৰে, কোনোবাই কিবা কৰিলে হুবহু অনুকৰণ কৰাৰ চেষ্টা কৰে। শিশুৱে শিকি ভাল পায়। যেতিয়ালৈকে শিশুক হেঁচা প্রয়োগ কৰা নহয়, যেতিয়ালৈকে তেওঁলোকে কামবোৰ বোজা বুলি নাভাবে, তেতিয়ালৈকে তেওঁলোকৰ কামবোৰ মননশীল আৰু ধুনীয়া হয়।
অভিভাৱকসকল এইক্ষেত্ৰত তেওঁলোকৰ বন্ধু হোৱা উচিত। কিন্তু বেছিভাগ অভিভাৱকেই এটা নেদেখা ভৱিষ্যতৰ দোহাই দি শিশুৰ বৰ্তমানটোক আওকাণ কৰে। স্কুল, টিউচন, মিউজিক ক্লাচ, আর্ট স্কুল, হোমৱৰ্ক আৰু কার্টুনৰ মাজতেই অতিবাহিত হয় আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ সোণসেৰীয়া বৰ্তমান। শিশুৰ ইচ্ছা থাকক বা নাথাকক আমি তাক বিভিন্ন প্রতিযোগিতাৰ চক্ৰবেহুত পেলাই দি তাৰ পৰা আশা কৰোঁ পুৰস্কাৰ। তাতেই আমি ভুল কৰোঁ আৰু আমাৰ ভুলৰ বাবেই শিশুৰ শৈশৱবোৰ হেৰাই যায়। শিশুবোৰ যন্ত্ৰ হৈ পৰে। এনেকৈ শিশুৰ শৈশৱ অভিভাৱকৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। এনেবোৰ বিষয়কে আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এখন নতুন অসমীয়া বোলছবি 'হোমৱৰ্ক'।
অহা ১৫ মে'ত ছবিগৃহলৈ আহিব হোমৱৰ্ক। চিনেমাখনত কেইবাগৰাকীও নতুন, পুৰণি শিল্পীয়ে অভিনয় কৰিছে। দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, গায়ত্ৰী মহন্ত, শিশু শিল্পী সূর্যাংগ জিউ মাৰ্ঘেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ, অলংকৃতা পদ্মৰাগ গোস্বামী আদি শিল্পীৰ অভিনয় সমৃদ্ধ হোমৱৰ্কৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ। সংগীত জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ।
আউট ৰীচ এডভার্টাইজিং প্রাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা চিনেমাখন প্রযোজনা কৰিছে মুকেশ মোৰ আৰু নিধি মোৰে। ছবিখনৰ চিত্ৰনাট্য-সংলাপ হিমাংশু নাথৰ। সম্পাদনাত ৰিতু ৰঞ্জন হাতীমূৰীয়া, শব্দ সজ্জাত দেৱজিত গায়ন, কালাৰ গ্রেডিঙত আছে ৰাজেশ কুমাৰ যাদৱ আৰু আৱহ সংগীত পৰাণ বৰকটকীৰ। চিত্ৰগ্ৰহণ ৰূপমজ্যোতি শইকীয়াৰ। জ্যোতি শংকৰ ভট্টাচাৰ্যই কলা নির্দেশনা কৰা ছবিখনৰ ৰূপসজ্জাত ভাস্কৰ দত্ত, সাজ-সজ্জাত ধীৰাজ ডেকা, মুখ্য সহকাৰী পৰিচালক হিমাংশু নাথ, সহকাৰী পৰিচালক জিতুল ৰাজবংশী, পুনম বৰ্মন, সহকাৰী চিত্ৰগ্ৰহণ ৰামজ্যোতি কৃষ্ণচৰণ আৰু সহকাৰী সাজ-সজ্জাত আছে পৰিস্মা কোঁৱৰ।
উল্লেখযোগ্য যে, হোমৱৰ্কৰ কাহিনী এটি শিশুক লৈ আৰম্ভ হৈছে যদিও ই কেৱল শিশু চলচ্চিত্র নহয়। কাহিনীৰ মূল নায়ক শিশু যদিও এই কাহিনীৰ প্ৰতিটো চৰিত্ৰই সমাজৰ বিভিন্ন স্তৰৰ লোকক সাঙুৰি লৈছে।