মাজুলীত ‘আইফ্লু’ৰ ভয়ংকৰ সংক্রমণ! দুদিনলৈ বন্ধ ঘোষণা এখন বিদ্যালয়ৰ

Kakali Deka August 18, 2023

 

ডিজিটেল ডেস্কঃ দেশজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ‘আইফ্লু’ৱে। অসমতো এই ৰোগৰ প্ৰাৰ্দুভাৱ দেখিবলৈ পোৱা গৈছে। আই ফ্লু ৰোগক কনজাংটিভাইটিছ বা পিংক আই বুলিও কোৱা হয়। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। 

ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ ফলত এই সংক্ৰমণ যথেষ্ট বিয়পি পৰিছে। স্বাস্থ্য বিভাগেও এই বিপদজনক ফ্লু পৰিহাৰ কৰিবলৈ সতৰ্কবাণী জাৰি কৰিছে। আই ফ্লু বা কনজাংটিভাইটিছ (Conjunctivitis) হৈছে চকুৰ এক ৰোগ, ইয়ে সংক্ৰমিত লোকৰ চকুৰ বগা অংশ ৰঙচুৱা কৰি তোলে।

মাজুলীত ‘আইফ্লু’ৰ ব্যাপক সংক্রমণ দেখিবলৈ পোৱা গৈছে। বনগাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ বহু শিক্ষক-শিক্ষাৰ্থী আক্রান্ত হৈছে আইফ্লু ৰোগত।

ইতিমধ্যে বিদ্যালয়খনৰ ২০০ গৰাকী শিক্ষাৰ্থী, আচাৰ্য-আচাৰ্য্যা আইফ্লুত আক্রান্ত হৈছে। বিদ্যালয়খনত আছে প্ৰায় ৩০০ গৰাকী শিক্ষাৰ্থী। 
এই ৰোগৰ ব্যাপক সংক্রমণৰ প্রতি লক্ষ্য ৰাখি দুদিনলৈ বিদ্যালয় বন্ধ ঘোষণা কৰ্তৃপক্ষৰ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আই ফ্লুয়ে যথেষ্ঠ পৰিমাণে সংক্ৰমণ হৈছে। বহুলোক এই আই ফ্লুত সংক্ৰমণ হৈছে। যাৰ বাবে কিছুদিন পূৰ্বে অন্য ঠাইৰো বহু বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল।

জানিব পৰা মতে এই বেমাৰত আক্ৰান্ত হ'লে চকু ৰঙা পৰে। এই ভাইৰাছ বেক্টেৰিয়াৰ ফলত বিয়পে। সংক্ৰমিত ব্যক্তি এজনৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ বাবে বা সংক্ৰমিত ব্যক্তি এজনৰ সৈতে বস্তু ভাগ বতৰা কৰিলে ই বিয়পিব পাৰে।

আই ফ্লুৰ লক্ষণ-

চকুৰ তীব্ৰ বিষ
চকু ৰঙা পৰা
চকুৰ পৰা আঠাযুক্ত হালধীয়া ৰঙৰ স্ৰাৱ ওলায়
আঠাসদৃশ স্ৰাৱ ওলোৱাৰ ফলত চকুৰ পতা দুটি বন্ধ হৈ থকা
খজুৱতি, দৃষ্টিশক্তি ম্লান হোৱা
চকুৰ পতা ফুলি উঠা
চকুপানী ওলাই থকা 

আপোনাৰো যদি এনে লক্ষণে দেখা দিছে তেন্তে তুৰন্তে চকু চিকিৎসকৰ কাষ চাপক।

Share This