ডিজিটেল ডেস্ক : দেশৰ যুৱ প্ৰজন্মই সম্প্রতি চাকৰিতকৈ স্ব-নিৰ্ভৰশীলতাৰ ওপৰত বিশেষ গুৰুত্ব দিছে। উচ্চ শিক্ষা গ্রহণ কৰি চাকৰি লাভৰ আশাত নিবনুৱা হৈ বহি থকাতকৈ ছাত্ৰাৱস্থাৰে পৰাই ব্যৱসায়-বাণিজ্যৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথেৰে বহুজন আগুৱাই গৈছে।
ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান (আই আই টি) মাণ্ডিৰ এক সমীক্ষাৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। শিক্ষা প্রতিষ্ঠানখনৰ প্ৰতিবেদনৰ তথ্য অনুসৰি দেশৰ মহাবিদ্যালয় পৰ্যায়ৰ প্ৰতি পাঁচজন শিক্ষার্থীৰ এজনে ইতিমধ্যেই নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে। তদুপৰি, ৪৩ শতাংশ শিক্ষার্থীয়ে উদ্যোগী হোৱাৰ আকাংক্ষা মনত পুহি ৰাখিছে। অৱশ্যে এই উচ্চাকাংক্ষাক সার্থক কৰাৰ হাৰ যথেষ্ট নহয় বুলিও প্রকাশ। উদ্যোগশীলতাৰ বিষয়টোৱে শিক্ষানুষ্ঠানসমূহত অতি সীমিত প্ৰচাৰ লাভ কৰা, শিক্ষার্থীসকলে নিজ পিতৃ-মাতৃৰ বাহিৰে আন উদ্যোগীক নজনাটোও ইয়াৰ অন্যতম কাৰণ।
'দ্য গুৱেজ ইণ্ডিয়া ২০২৫' শীর্ষক প্রতিবেদনত উল্লেখ কৰিছে যে বিশ্বৰ ২৩ শতাংশ শিক্ষাৰ্থীৰ বিপৰীতে ভাৰতৰ ২২ শতাংশ শিক্ষার্থীয়ে পঢ়ি থকা অৱস্থাতে ব্যৱসায় আৰম্ভ কৰিছে। বেংগালুৰুৰ ৰেৱা বিশ্ববিদ্যালয়ৰ সহযোগত আই আই টি মাণ্ডিয়ে চলোৱা সমীক্ষাত প্রকাশ পাইছে যে শিক্ষার্থীয়ে আৰম্ভ কৰা ৩৫.৫ শতাংশ ব্যৱসায়েই দৈনিক বিক্ৰীৰে সুন্দৰভাৱে চলি আছে।