ডিজিটেল ডেস্ক : সত্য এনে একুৰা জুই, যাক ঢাকিবলৈ যিমানেই চেষ্টা কৰা নহওক কিয়, সুৰুঙা উলিয়াই ইয়াৰ জ্বলন্ত শিখা বাহিৰলৈ ওলাই আহিবই। ফ্রান্সত সম্প্রতি এনে অৱস্থাই হৈছে। স্কুল-কলেজৰ শিক্ষার্থীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ জুই জ্বলাই দেশখনত এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যে তাৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র' আৰু প্রধানমন্ত্রী ছেবেষ্টিয়ান লেকৰ্নৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতিয়েই ভাবুকি আহি পৰিছে। দেশখনৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজত মাথোঁ ছটা মাহ আছে। এনে অৱস্থাত তৰুণ প্ৰজন্মৰ হিংসাশ্রয়ী বিক্ষোভে অর্থনৈতিক অস্থিৰতাত জৰ্জৰিত দেশখনৰ জনতাক প্ৰভাৱিত কৰাৰ ফলত মেক্ৰ'ৰ পুনৰ দেশখনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন সম্ভৱ হ'ব নে নাই তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে।
ফ্রান্সত সম্প্রতি বিক্ষোভৰ লেলিহান শিখা কিয় জ্বলিছে তাক জানিবলৈ হ'লে দেশখনৰ অৰ্থনৈতিক অৱস্থাটোলৈ দৃষ্টি নিক্ষেপ কৰিব লাগিব। দেশখনৰ অৰ্থনীতি অতি মন্থৰ হৈ পৰিছে। লগে লগে তাৰ নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই বর্তমান ৮.৩ শতাংশ হৈছেগৈ, যিটো তৰুণ প্ৰজন্মৰ বিক্ষোভৰ ফিৰিঙতি বুলি ক'ব লাগিব।
তদুপৰি, ফ্ৰান্সৰ ঋণৰ পৰিমাণ দেশখনৰ জি ডি পিৰ ১২০% হৈছে, যিটো ইউৰোপৰ দেশসমূহৰ ভিতৰত তৃতীয় বৃহৎ পৰিমাণ। ঋণৰ ক্ষেত্ৰত ফ্ৰান্সৰ আগত আছে গ্রীচ আৰু ইটালি। ঋণ আৰু সুদ পৰিশোধৰ বাবত দেশখনৰ ৰাজকোষৰ পৰা ওলাই গৈছে বৃহদাকাৰৰ ধন। ফ্ৰান্সৰ অৰ্থনৈতিক সংকট অৱশ্যে নতুন নহয়। নিজকে মধ্যমপন্থী বুলি কোৱা ৩৯ বছৰীয়া ইমানুৱেল মেক্র' যেতিয়া ২০১৭ চনত প্ৰথমবাৰ ৰাষ্ট্ৰপতিৰ আসনত বহিছিল, তেতিয়াও দেশখনে অর্থনৈতিক সংকটৰ সৈতে যুঁজি থাকিবলগীয়া হৈছিল। মেক্র' ক্ষমতালৈ আহিছিল জনতাক অর্থনৈতিক বিকাশৰ 'বৈপ্লৱিক পৰিৱৰ্তন' আনি, এখন নতুন ফ্রান্স গঢ়াৰ সপোন দেখুৱাই। তেওঁ দেশবাসীক ঋণৰ পৰা সকাহ দিয়াৰ, নৱ প্ৰজন্মৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টিৰ প্রতিশ্রুতি দিছিল। কিন্তু সেই প্রতিশ্রুতি, সেই সপোনে মেক্ৰ'ৰ ৯ বছৰীয়া শাসনত বাস্তৱ ৰূপতো নাপালেই, বৰঞ্চ দেশখন অধিক অর্থনৈতিক সংকটত নিমজ্জিতহে হ'ল; যাৰ বাবে মেক্ৰ'ৰ জনপ্ৰিয়তাৰ হাৰ এতিয়া ১৫ শতাংশতকৈও তললৈ অৱনমিত হৈছে।
২০২৫ চনত হোৱা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পোৱা বাওঁপন্থী দলবোৰক ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ বাবে মেক্র'ই সৰু সৰু দল একত্ৰীকৰণৰ জৰিয়তে সোঁপন্থী নেতা ছেবেষ্টিয়ান লেকৰ্নৰ নেতৃত্বত গঠন কৰি দিয়া চৰকাৰখনে এনে অর্থনৈতিক অস্থিৰতাৰ মাজতে শাসন কৰি থকাৰ পাছত অলপতে কিছুমান ক্ষেত্ৰত নতুনকৈ কৰ আৰোপ কৰিবলৈ, ইন্ধনৰ দাম বৃদ্ধি কৰিবলৈ আৰু সামাজিক আঁচনিবোৰৰ ধন কৰ্তন কৰিবলৈ এক বাজেট প্রস্তারক সংসদত অনুমোদন লোৱাৰ বাবে উদ্যত হোৱাৰ পাছতে দেশখনত আকস্মিকভাৱে উদ্গিৰণ হয় ছাত্ৰ-শক্তিৰ ক্ষোভৰ। জীৱন নিৰ্বাহৰ ব্যয় অসহনীয় হৈ পৰাত জনতা আগৰে পৰাই ক্ষুব্ধ হৈ আছিল। যোৱা ১৭ অক্টোবৰত এই ক্ষোভৰ বিস্ফোৰণ ঘটে। এই বিক্ষোভত তিনি সহস্রাধিক দোকান আৰু ব্যাৱসায়িক প্রতিষ্ঠানৰ উগ্ৰ প্ৰতিবাদকাৰীয়ে ধ্বংস সাধন কৰে। আক্ৰমণ কৰা হয় বহু মিউনিচিপালিটি ভৱনত। কিছুমান ভবন জ্বলাই দিয়া হয়। ধ্বংসপ্রাপ্ত সম্পদসমূহৰ মাজত আছে ফ্ৰান্সৰ লিম 'জেছৰ ঐতিহাসিক টাউন দলটোও। ১৮৮৩ চনত নির্মাণ সম্পূৰ্ণ হোৱা নৱজাগৰণৰ সময়ৰ প্ৰখ্যাত স্থপতিবিদ চার্লছ আলফ্রেড লেক্লিয়েৰে প্রস্তুত কৰা এই টাউন হলটো ১৯৭৫ চনত ঐতিহাসিক কীৰ্তিচিহ্নৰ তালিকাত অন্তর্ভুক্ত হৈছিল। এই প্রাচীন সম্পদটোও জ্বলাই দিলে প্রতিবাদকাৰীয়ে। ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি ছাত্ৰ-শক্তিৰ বিক্ষোভৰ সুযোগ লৈ সন্ত্রাসবাদীয়ে চলোৱা ধ্বংসলীলাৰ উগ্ৰতাৰ ৰূপ। উল্লেখ কৰা উচিত হ'ব যে ছাত্র-শক্তিয়ে আৰম্ভকৰিলেও ১৭ অক্টোবৰত সমগ্র ফ্রান্সজুৰিহোৱা প্ৰতিবাদত অর্ধনিযুত লোকে অংশগ্ৰহণ কৰিছিল। শৈক্ষিক ক্ষেত্ৰলৈ চৰকাৰৰ পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা আৰু শিক্ষানুষ্ঠানসমূহৰ অৱস্থাৰ উন্নতি সাধন কৰাৰ দাবীত হাইস্কুল আৰু বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলে যোৱা মাহৰ শেষৰ ফালে আৰম্ভ কৰা আন্দোলনটোত পাছত শ্রমিক সংগঠন, কৃষক আৰু আন কেতবোৰ সংগঠনো নামি পৰাত ১৭ অক্টোবৰত ই চৰম ৰূপ ধাৰণ কৰে আৰু ইয়াৰে গইনা লৈ চলে ব্যাপক লুটপাত আৰু ধ্বংসলীলা। কার্যতঃ ই চৰকাৰ-বিৰোধী আন্দোলনলৈ ৰূপান্তৰিত হৈ পৰে। চৰকাৰে গুলী চলাই, সান্ধ্য আইন জাৰি কৰি বিক্ষোভ দমন কৰিবলৈ চেষ্টা কৰিছে, বহু প্রতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে, কিন্তু ক্ষোভৰ জুইকুৰা এতিয়াও প্রশমিত কৰিব পৰা নাই।
ফ্রান্সত 'জেন জি'য়ে সূচনা কৰা এই বিক্ষোভৰ পৰিণতি কি হ'ব তাক লৈ কৌতূহল বৃদ্ধি পাইছে বিশ্বজুৰি। এয়া স্বাভাৱিক। কিয়নো 'জেন জি'ৰ উত্থান বিশ্বৰ প্রান্তে প্রান্তে পৰিচিত দৃশ্য হৈ পৰিছে। ফ্রান্সত এই উত্থানক লৈ জনসাধাৰণ দ্বিধা বিভক্ত। একাংশই আন্দোলনলৈ সমর্থন আগবঢ়োৱাৰ বিপৰীতে আন এচামে ইয়াক 'নগৰীয়া সন্ত্রাস' আখ্যা দি বিক্ষোভক কঠোৰ হাতেৰে দমনৰ পোষকতা কৰা দেখা গৈছে। যিয়েই নহওক ইমানুৱেল মেক্ৰ'ৰ শাসনক লৈ যে ফ্রান্সবাসী যে অসন্তুষ্ট সেয়া সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ পৰা স্পষ্ট হৈ পৰিছে। গতিকে, অহা মে' মাহত দেশখনত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মেক্ৰ' পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা একেবাৰে ক্ষীণ। এনে অৱস্থাতে দেশখনৰ এগৰাকী চৰম সোঁপন্থী নেত্রী মেৰাইন লে পেনে ফ্রান্সক সাম্প্ৰতিক অৰাজকতাৰ পৰা উদ্ধাৰ কৰা তথা অর্থনীতি উন্নত কৰাৰ প্রতিশ্রুতি দি বিপুল জনপ্রিয়তা অর্জন কৰা পৰিলক্ষিত হৈছে। ফলত দুটা প্ৰশ্নৰ উত্তৰ কৌতূহলীসকলে পাবলৈ বিচাৰিব, সেয়া হৈছে- প্রথম, ফ্ৰান্সৰ সাম্প্ৰতিক অগ্নিগর্ভ অৱস্থাৰ শেষ ক'ত আৰু দ্বিতীয় প্রশ্নটো হৈছে দেশখনৰ 'জেন জি'ৰ আন্দোলনটোৰ পৰা ৰাজনৈতিকভাৱে কোন লাভৱান হ'ব? ইমানুৱেল মেক্ৰ' যুগৰ অন্ত পৰিবনে, প্রত্যাহ্বান অতিক্ৰম কৰি তেওঁ পুনৰ ফ্ৰান্সৰ শাসনত অধিষ্ঠিত হ'বলৈ সক্ষম হ'ব? এই প্ৰশ্নৰ উত্তৰ পাবলৈ অৱশ্যেই অহা মে' মাহলৈ অপেক্ষা কৰিব লাগিব।