সংসদৰ 'ৰাজদণ্ড'ৰ নিৰ্মাতা ভুম্মিদি এথিৰাজুৰ দেহাৱসান

Dainik Janambhumi October 23, 2026

ডিজিটেল ডেস্ক : দেশৰ সংসদৰ ঐতিহাসিক ৰাজদণ্ড (চেংগোল) নিৰ্মাণ কৰা চেন্নাইৰ বিখ্যাত কাৰিকৰ ভুম্মিদি এথিৰাজুৰ ৯৯ বছৰ বয়সত বুধবাৰে দেহাৱসান ঘটে। তামিলনাডুৰ চেন্নাই মহানগৰত বাৰ্ধক্যজনিত কাৰণত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই খনিকৰগৰাকীৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বহু শীর্ষ নেতাই গভীৰ শোক প্রকাশ কৰিছে। 

এথিৰাজুৱে সাজি উলিওৱা এই ৰাজদণ্ড বা চেংগোলডাল দেশ স্বাধীন হোৱাৰ সময়ত, অর্থাৎ ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা ব্ৰিটিছৰ পৰা ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক প্ৰদান কৰা হৈছিল। সোণৰ প্ৰলেপ থকা ৰূপৰ ৰাজদণ্ডডাল তামিল পৰম্পৰা অনুসৰি সাজি উলিওৱাৰ সময়ত এথিৰাজুৰ বয়স হৈছিল মাত্র ২০ বছৰ। সুদীর্ঘ কাল অৱহেলিত হৈ থকাৰ পাছত ২০২৩ চনৰ ২৮ মে'ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ সময়ত এই ৰাজদণ্ডক লোক সভাৰ অধ্যক্ষৰ আসনৰ ওচৰত সম্পূৰ্ণ মর্যাদাৰে স্থাপন কৰে। 

উল্লেখযোগ্য যে ৭১ বছৰ ধৰি এই ৰাজদণ্ড অজ্ঞাত হৈ আছিল। ১৯৪৭ চনৰ পাছত এই ঐতিহাসিক 'চেংগোল'ৰ কথা দেশবাসীয়ে প্রায় পাহৰিয়েই গৈছিল আৰু ইয়াক উত্তৰ প্ৰদেশৰ এলাহাবাদ (প্রয়াগৰাজ) সংগ্ৰহালয়ত 'খোজ কঢ়া লাখুটি' হিচাপেহে সংৰক্ষণ কৰি ৰখা হৈছিল। আনকি ইয়াৰ নিৰ্মাতা ভুম্মিদি বংগাৰু জুৱেলাৰ্ছ পৰিয়ালো ২০১৯ চনলৈকে এই ৰাজদণ্ডৰ অৱস্থিতিৰ বিষয়ে অজ্ঞ আছিল। ২০১৯ চনত এখন তামিল আলোচনীত প্রকাশ পোৱা প্ৰতিবেদনৰ পাছতহে ইয়াৰ সন্ধান লাভ কৰা হয়। প্রধানমন্ত্রী মোদীয়ে ২০২৩ চনত এথিৰাজুক সাক্ষাৎ কৰাৰ স্মৃতি ৰোমন্থন কৰি কয় যে তেওঁৰ শিল্পকর্মই ভাৰতৰ গৌৰৱময় ঐতিহ্য আৰু উন্নয়নৰ যাত্ৰাক সংযোগ কৰি ৰাখিছে। ভুম্মিদি এথিৰাজু আছিল 'চেংগোল' নির্মাণকাৰ্যৰ সৈতে শেষৰজন জীৱিত ব্যক্তি। তেওঁৰ মৃত্যুত ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ জীৱন্ত সাক্ষীৰ অৱসান ঘটিল।

Share This