ডিজিটেল ডেস্ক : সাম্প্রতিক পৰিস্থিতিত বিৰোধী মর্চা 'ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেন্ট ইনক্লুছিভএলায়েন্স'লৈ (ইণ্ডিয়া) ব্যাপক সংকট নামি আহিছে। ৰাজনৈতিকভাৱে সাংগঠনিক সুস্থিৰতা বজাই ৰখাত ব্যৰ্থ হৈছে বিৰোধী মিত্রজোঁটটো। মিত্ৰজোঁটটোৰ পৰা সংঘবদ্ধভাৱে ৰাজনৈতিক প্রস্থান, গভীৰ অভ্যন্তৰীণ বিবাদ আৰু প্রধান আঞ্চলিক দলসমূহৰ বিপর্যয়ে বিৰোধী মৰ্চাটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে। বর্তমান পৰিস্থিতিত এই বিৰোধী মৰ্চাটোৱে যে দীর্ঘদিন ধৰি বৰ্তি থাকিব, সেইটো সন্দেহৰ বিষয় হৈ পৰিছে। বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত দ্রাবিড় মুনেট্রা কাঝাগাম (ডি এম কে)ৰ সৈতে মিত্ৰতা কৰা কংগ্ৰেছে নিৰ্বাচনৰ পাছত বিজয়ৰ নেতৃত্বাধীন টি ভি কেক চৰকাৰ গঠনৰ বাবে সমর্থন দিলে। এই লৈয়ে এম কে ষ্টালিনৰ ডি এম কেই কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত ল'লে।
শেহতীয়াকৈ, বৃহস্পতিবাৰে ষ্টালিনৰ ডি এম কে দলে 'ইণ্ডিয়া' মৰ্চা ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। ডি এম কেৰ মুখপাত্র টি কে এছ এলানগোভানে কয় যে ডি এম কেই ইণ্ডিয়া'ৰ সংগ ত্যাগ কৰিছে। অহা ৮ জুনত দিল্লীত অনুষ্ঠিত 'ইণ্ডিয়া' মৰ্চাৰ বৈঠকত ডি এম কেই অংশ নলয়। উল্লেখযোগ্য যে 'ইণ্ডিয়া' মৰ্চাৰ অংশীদাৰ দল হিচাপে ডি এম কে কংগ্ৰেছৰ দীৰ্ঘ সময়ৰ সংগী আছিল। মুখপাত্রজনে কয় যে কংগ্রেছে অংশ লোৱা বৈঠকত ডি এম কেই অংশগ্রহণ নকৰে। আনহাতে, দুয়োটা দলৰ মাজত বিবাদ ইমান পর্যায় পাইছেগৈ যে সংসদত দুয়োটা দলৰ সাংসদে একেলগে আসন গ্রহণ নকৰাৰ সিদ্ধান্ত লৈছে আৰু এই ক্ষেত্ৰত লোক সভাৰ সচিবালয়েও অনুমতি দিছে। আনহাতে, দুয়োখন সদনতে বিৰোধীৰ ক্ষেত্ৰত দ্বিতীয় সর্বাধিক আসন থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ (টিএম চি) মাজতো বিভাজন ঘটিছে। পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনত অভূতপূর্ব পৰাজয়ৰ পাছত বিৰোধী দলপতিৰ বাছনিক লৈ মমতা বেনাৰ্জীৰ দলটোত বিভাজন ঘটে। ৬০গৰাকী বিধায়কক লৈ বিদ্রোহী ঋতব্রত বেনাৰ্জীয়ে বিধানসভাত 'প্রকৃত' টি এম চিৰ দলপতি হয়।
আনহাতে, খবৰ অনুসৰি ২০গৰাকী টি এম চিৰ সাংসদে বিজেপিত যোগদানৰ বাবে প্রস্তুতি চলাই আছে। এই পৰিপ্ৰেক্ষিতত ১৫ বছৰে পশ্চিম বংগ আৰু দিল্লীৰ ৰাজনীতিত দপদপাই থকা মমতা বেনাৰ্জীৰ দলটোলৈ গুৰুতৰ সংকট নামি আহিছে। ইফালে, অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পার্টিয়ে (আপ) কংগ্ৰেছৰে বিবাদ হৈ 'ইণ্ডিয়া' মর্চা ত্যাগ কৰিছে। দিল্লী আৰু পঞ্জাবত আধিপত্য থকা আপে কংগ্ৰেছৰে আসন বুজাবুজিক লৈ মতানৈক্য ঘটাত 'ইণ্ডিয়া' ত্যাগ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত কংগ্রেছ নেতৃত্বাধীন বিৰোধী মৰ্চা 'ইণ্ডিয়া' বর্তমান কংকালসাৰ অৱস্থাত পৰিণত হৈছে। বিৰোধী মৰ্চাটোৰ পৰা মিত্ৰদলৰ প্রস্থান, আঞ্চলিক দলবোৰৰ বিপৰ্যয় আৰু সংঘবদ্ধ সাংগঠনিক দুর্বলতাই 'ইণ্ডিয়া'ৰ ভৱিষ্যতৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।