ৰাজেশ ভূঞাৰ পৰিচালনাৰে অসম-দিল্লী-ডুবাইত হ'ব দৃশ্যগ্রহণ, চলচ্চিত্ৰ ৰূপত মানস ৰবীনৰ 'জোনবাই' 

dainik janambhumi May 15, 2026

ডিজিটেল ডেস্ক: অসমীয়া ভিডিঅ' ছবিজগতৰ এটি আৱেগিক নাম 'জোনবাই' এতিয়া নতুন ৰূপেৰে আহিবলৈ সাজু হৈছে। এসময়ত গাঁৱৰ চোতালৰ পৰা আৰম্ভ কৰি প্ৰতিটো ঘৰৰ টেলিভিছন পর্যন্ত যি কাহিনীয়ে দর্শকক হাঁহি-কান্দোনৰ মাজেৰে আৱেগিকভাৱে সংপৃক্ত কৰি ৰাখিছিল, সেই 'জোনবাই' এইবাৰ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ হিচাপে ছবিগৃহত মুক্তি পাব। 

মানস ৰবীন প্রডাকশ্যনৰ বেনাৰত নির্মিত ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু প্ৰযোজনাৰ দায়িত্বত আছে মানস ৰবীন। ছবিখন পৰিচালনা কৰিব ৰাজেশ ভূঞাই। সহযোগী পৰিচালক চিৰঞ্জীৱ বৰদলৈ। মুখ্য সহকাৰী পৰিচালক সুৰজিৎ ফুকন আৰু সহকাৰী পৰিচালক নৱদ্বীপ দত্ত, সুৰজ ধীমান। বৃহস্পতিবাৰে মহানগৰীৰ খানাপাৰাস্থিত গণেশ মন্দিৰত চলিত বৰ্ষৰ জুনৰ পৰা দৃশ্যগ্রহণ আৰম্ভহ'বলগীয়া ছবিখনৰ শুভ মহুৰত সম্পন্ন হয়। পৰিচালক ৰাজেশ ভূঞা আৰু নিৰ্মাতা মানস ৰবীনে বন্তি প্রজ্বলন কৰাৰ লগতে নেত্রখ্যাত অভিনেতা অৰুণ হাজৰিকাই নাৰিকল ভাঙি ছবিখনৰ মাংগলিক কর্মভাগি সম্পন্ন কৰে। আনহাতে, কেমেৰাত মাল্যার্পণ কৰে মানস ৰবীনৰ পিতৃ ৰবীন গগৈয়ে। অভিনেতা ৰাজীৱ গোস্বামীয়ে 'জোনবাই'ৰ মহুৰত শ্বটৰ বাবে কেমেৰাৰ ছুইচ অন কৰে। পৰিচালক ৰাজেশ ভূঞাৰ নির্দেশত অভিনেতা উদয়ন দুৱৰাই ক্লেপষ্টিক বজোৱাৰ পাছতে মহুৰত দৃশ্যত অৰুণ হাজৰিকা আৰু নৱাগত অভিনয় শিল্পী পৃথ্বীৰাজ শেখৰ শৰ্মাই অভিনয় কৰে। 

উল্লেখযোগ্য যে, এসময়ত দৰ্শকৰ হৃদয় জয় কৰা নেত্ৰ, মেনকা, ইন্দ্ৰ আদি চৰিত্ৰবোৰ এইবাৰ পুনৰ ৰূপালী পৰ্দাত জীৱন্ত হৈ উঠিব। বিশেষকৈ ভিডিঅ' ছবিৰ যুগৰ সেই জনপ্রিয় যুটি নেত্র-মেনকাক পুনৰ একেলগে দেখিবলৈ পোৱাটো দৰ্শকৰ বাবে হ'ব এক বিশেষ আৱেগৰ মুহূৰ্ত। পাইৰেচিৰ ভয়ংকৰ প্ৰভাৱত অসমীয়া ভিডিঅ' ছবিৰ এটা সোণালী যুগ স্তব্ধ হৈ পৰিছিল। তাৰ লগতেই যেন ৰৈ গৈছিল 'জোনবাই'ৰ কাহিনীও। এতিয়া বহু বছৰৰ অন্তত, য'ত সেই কাহিনী থমকি ৰৈছিল, ঠিক তাৰ পৰাই নতুন সময় আৰু নতুন আংগিকেৰে পুনৰ আৰম্ভ কৰা হৈছে চলচ্চিত্ৰ ৰূপত 'জোনবাই'ৰ যাত্রা। 

ছবিখনৰ দৃশ্যগ্রহণ শিৱসাগৰ, গুৱাহাটী, দিল্লীৰ লগতে ডুবাইতো কৰা হ'ব বুলি মানস ৰবীনে জনাইছে। ৰূপসজ্জাৰ দায়িত্বত থাকিব বিজেয়িতা পাটগিৰী। চলিত বৰ্ষৰ শেষৰ ফালে ছবিখন মুক্তি দিয়াৰ পৰিকল্পনাও কৰিছে প্রযোজক গোষ্ঠীয়ে। 'জোনবাই'ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিব অৰুণ হাজৰিকা, মাধুৰিমা চৌধুৰী, চেতনা দাস, বিযুক্ত খাৰঘৰীয়া, মিনু বণিয়া, ৰীণা বৰা, নয়ন নিলীম, গীতাৱলী ৰাজকুমাৰী, কৌশিক ভৰদ্বাজ, ৰাজীৱ গোস্বামী, পৱিত্ৰ বৰুৱা, বৈভৱী গোস্বামী, উদয়ন দুৱৰা, নৱাগত পৃথ্বীৰাজ শেখৰ শৰ্মা আদি ন-পুৰণি বহু জনপ্রিয় শিল্পীয়ে।

Share This