মাৰ্ঘেৰিটা, বিশ্বনাথত আহোম জনগোষ্ঠীৰ বিশাল জোঁৰ সমদল

dainik janambhumi November 10, 2025

ডিজিটেল ডেস্ক : জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত কালি উত্তাল হয় মাৰ্ঘেৰিটাৰ ৰাজপথ। জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্রদানৰ দাবীত বিশাল জোঁৰ সমদল উলিয়ালে টাই আহোমসকলে। টাই আহোম যুৱ পৰিষদ, আহোম সভা, পয় ফুৰালং, আটাছু, টাই আহোম মহিলা পৰিষদ, পূৰ্বাঞ্চল সাহিত্য সভাৰ লগতে সকলো টাই জনগোষ্ঠীৰ লোকৰ সহযোগত উলিওৱা হয় এই জোঁৰ সমদল। মাৰ্ঘেৰিটাৰ ইক' পাৰ্কৰ সমীপৰ পৰা উলিওৱা হয় এই সমদল। 

সহস্রাধিক লোকে অংশগ্ৰহণ কৰা এই প্রতিবাদী সমদলত অংশগ্ৰহণকাৰীসকলে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্রতিবাদকাৰীসকলে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ তীব্র প্রতিবাদ জনাই ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্রদানৰ দাবী জনায়। 

নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা প্রদান নকৰিলে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে। উল্লেখযোগ্য যে ইক' পাৰ্কৰ সমীপৰ চ্যুকাফাৰ প্রতিমূর্তিস্থলীত বন্তি প্রজ্বলন কৰি টাউন হাইস্কুলৰ খেলপথাৰৰ পৰা উলিওৱা জোঁৰ সমদল মূল ৰাজপথেৰে গৈ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত সামৰণি পৰে।

Share This